শুৱালকুছি শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক  নাৰী দিৱস উদযাপন

শুৱালকুছি শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক  নাৰী দিৱস উদযাপন

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- নাৰী এটি সত্তা পৃথিৱীৰ উৰ্বৰা শক্তি ।নাৰী অবিহনে ধৰাখন অসম্পূৰ্ণ তথাপিও নাৰী পদে পদে লাঞ্ছিত বঞ্চিত। সেয়া অনুভৱ কৰি ১৯০৮ নিউয়ৰ্কত সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাবেশত জাৰ্মান সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটলিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুস্থিত হয় ।তেনেকৈ নাৰী দিৱস পালন কৰে গোটেই বিশ্বতে ইয়াৰ একমাত্ৰ উদ্দেশ্য সমাজৰ অশিক্ষিত,নিষ্পেষিত,লাঞ্ছিত হোৱা নাৰী সকলক সুৰক্ষা দিয়া। গোটেই বিশ্বৰ লগতে  ৮মাৰ্চ  ২০২৬চন শুৱালকুছিৰ শাখা লেখিকা সংস্থাৰ উদ্যোগতো  আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰে শুৱালকুছিৰ এম এছ একাডেমিত আবেলি ৩বজাত ।উক্ত দিনত দুগৰাকী মহিয়ষী অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ক্ৰমে কনকলতা দাস বাইদেউ আৰু গৌৰী কলিতা বাইদেউক সম্বৰ্দ্ধনা জনোৱাৰ লগতে এখন শিশুগ্ৰন্থ উন্মোচিত হয়।উন্মোচনী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক শ্ৰদ্ধাৰ অতুল চন্দ্ৰ দাস ছাৰ।শাখা সংস্থাৰ সম্পাদিকা মঞ্জু কাকতীয়ে সভাখনৰ আঁতধৰে  লগতে সভানেত্ৰী নীলিমা দাস আৰু প্ৰাক্তন সভাপতি কুমাৰী কামদা বৈশ্যৰ সভাপতিত্বত সভাখন পৰিচালিত হয়। শাখাৰ সন্মানীয় বিষয় বাবত থকা ক্ৰমে— শ্ৰদ্ধাৰ মিনতি দাস মেধি,মিনাক্ষী দাস বৰুৱা,ৰুণু বৈশ্য দাস ,যমুনা দুলু বৈশ্য  ,জ্যোৎস্না দাস   ,ইলা ভৰালী ডেকা,স্বৰ্ণময়ী কলিতা,জোনালী দাস চৌধুৰী,উৰ্মীমালা দেৱী,নমিতা দাস ,ৰঞ্জু দাস মড়ল,অনামিকা (সংগীতা)কলিতা   আৰু সাধাৰণ সদস্যা সকল ক্ৰমে— শ্ৰদ্ধাৰ বিভা মড়ল,সুশীলা কলিতা,হীৰামণি বৈশ্য,মমী মহন্ত,ভনিমা দাস,ৰুণুমী কলিতা,ৰশ্মী ৰাণী বৈশ্য,তৰালী ভৰালী,বিঞ্জু মহন্ত,কল্পনা ঠাকুৰীয়া  ,ববী কাকতি,চন্দনা দেৱী ,বিনীতা কলিতা কুমাৰ ,মিনু কলিতা  আদিয়ে সমবেত সংগীত,কবিতা পাঠ,গল্প পাঠ,মনৰ অনুভৱ গীত মাত আদি পৰিবেশন কৰি অনুষ্ঠানতো জীপাল কৰি তোলে ।