প্ৰতিবিম্ব – প্ৰভাত বণিয়া

Pc Bullet Journal

প্ৰতিবিম্ব

প্ৰভাত বণিয়া

চকুয়ে চকুয়ে চালেই বুজিব পাৰি
মানুহৰ খোজ কাটল,চাল চলন
ব্যক্তি আৰু ব্যক্তিত্বৰ পৰিচয়
শাৰীৰিক পৰিভাষা
হৃদয়ৰ ধ্যান ধাৰণা
আত্মীক সম্পৰ্ক

মনৰ ফটফটীয়া আইনাত পৰিস্ফুট হৈ উঠে স্বচ্ছ অন্তৰ স্বচ্ছ কথা

জীৱনৰ চৰম দূৰ্দিনত আপোন জন হ’ব পাৰে পৰ,
পৰো হ’ব পাৰে আপোন
এনে কথা নাই যে মুখ ফুটাই কোনো‌ কথা
নকলেও বুজা নাযায় মানুহৰ বুকুৰ বেদনা
মৰম ভাল পোৱা

কথা-বাৰ্তা
চিন্তা-ভাৱনা
দৈনন্দিন আড্ডাত প্ৰকাশ পায় শুভচিন্তকৰ স্ফটিক চেহেৰা
আপোন কুটুম্বৰ আত্মাভিমান, গৰ্ব অহঙ্কাৰ

সুখ দুখ
বিপদ সম্পদ বিনা দ্বিধাই স্বচ্ছন্দে অহৰ্ণিশ
কাষত থকা জন হ’ব পাৰে সঁচা বন্ধু
আপোনৰো আপোন
প্ৰকৃত সহচৰ।