প্রকৃতি – দুলুমণি দেৱী

Pc Pexels

প্রকৃতি

দুলুমণি দেৱী,মাকুম

মই যেতিয়া ৰাজপথেদি
 খোজকাঢ়ি যাও
এখোজ দুখোজকৈ প্রতিটো
 খোজৰ শব্দতে নিজক বিচাৰি চাও
প্রতিটো খোজতে বিচাৰি পাও
জীৱনৰ মাধুর্য
প্রকৃতিৰ অনুপম সৌন্দর্য
প্রতিজোপা গছতে থাকে
অনন্য এক জ্যোতি
..প্রতিজোপা গছেই বিলায়
 কস্তৰী সুগন্ধি
মই যেতিয়া সোমাই পৰো
প্রকৃতিৰ নিভাঁজ আন্তৰিকতাৰ মাজত
মোৰ এনে লাগে যেন
মইয়ো যেন অপৰূপ
সৌন্দৰ্যৰ গৰাকী
বিনন্দীয়া বিতোপন
 প্রকৃতিয়ে মোক শিকায়
সজাই তোলা অনুভৱবোৰতে
বিচাৰি পাবা
সুন্দৰ জীৱনশৈলী