কেতিয়াবা…..কিছুমান ….. – অৰ্ণৱ কটকী

Pc Everypixel.com

কেতিয়াবা…..কিছুমান …..

অৰ্ণৱ কটকী
জাঁজী, যোৰহাট

কিছুমান কথা থাকি যায় মনৰ মাজত , অব্যক্ত হৈ। ওঁঠৰ কেঁকুৰিত ওলমি ৰয় হেজাৰ কথাৰ ভৰ। কেতিয়াবা দেখাৰ দৰে জীৱনো নহয় কিম্বা সপোনো নহয়। সময়ৰ শালত জীৱনক পেৰি পেৰি কিছু আশা দুগালে বাগৰে। আমি ভবা দৰে আচলতে একো নহয়। মনৰ মাজত প্ৰতিজন ব্যক্তিৰ কিমান কথা বাকী থাকি যায়, কবলৈ হয়তো সময়ে সময় নিদিয়ে কেতিয়াবা। আপোনাৰো চাগৈ থাকি গৈছে জীৱনৰ বহু অব্যক্ত কথা? জোৱাৰ তোলে কেতিয়াবা মনৰ মাজত, প্লাৱন নামে চকুত। মানুহ হেৰুৱাই, মানুহ পঢ়ি, মানুহ চিনি হয়তো আপুনিও পাইছে ! এটা বয়সৰ পিছত হয়তো ইয়াৰ হিচাপ ৰখা নাযায় । নিৰ্জন দুপৰীয়া নাইবা বিচনাত বাগৰ দি আজিও হয়তো ভাৱে আপুনি বাকী ৰৈ যোৱা কথা বিলাক কেতিয়া কৈ মন পাতলাম বুলি। ইচ্ছা কৰিয়েই হওক বা নকওঁ ভাবিয়েই হওঁক কেতিয়াবা বুকু খনে ভৰ সহিব নোৱাৰা হয়। সময় পাৰ হৈ যায়, উশাহ কমি আহে জীৱনৰ। হেজাৰ সপোন মনৰ মাজত পোত খাই যায়।

কথা খিনি পঢ়ি হয়তো নিৰাশ হৈছে আপুনি! ৰ’ৱ ৰ’ৱ! জীৱনত বহু বেছি পৰিকল্পনা নকৰিব । আজিৰ বাবে জীয়াওক, কব লগা, কৰিব লগা যদি আছে আজিয়েই কৰক। কাৰোবাক বেয়া পায় যদি চিধা চিধি তেওঁক কৈ দিয়ক বেয়া পোৱা কাৰণ জনাওঁক। আশা নিজক লৈ কৰক ,সপোন পূৰ কৰিবলৈ চেষ্টা কৰক , বাধ্য নহ’ব। নিজৰ বাবে কিছু সময় ৰাখক । নিজৰ এখন মনৰ মাজত সুকীয়া পৃথিৱী বনোৱাৰ চেষ্টা কৰক। ভালে থাকক আপুনি,ভালে ৰাখক আপোনাৰ চৌপাশৰ জনকো। বয়স আৰু জীৱন এবাৰেই পাইছে গতিকে নিজক তেনে ব্যক্তিৰ পৰা সদায় আঁতৰাই ৰাখক যিয়েই আপোনাক সদায় নেতিবাচক কথাৰে ভাঙি পেলোৱাৰ প্ৰচেষ্টা কৰে। যিয়েই আপোনাক সদায় স্বাৰ্থত হে মনত পেলাই পৰাপক্ষত এৰাই চলিবলৈ চেষ্টা কৰক তেনে ব্যক্তিৰ পৰা। কেতিয়াবা ….কিছুমান কথা সময় থাকোঁতে মনত পেলাই লোৱাটো ভাল ।