কেলৈনো আহ
জুনুকা পাঠক
বৰপেটা
ফাগুন নাহিবি
পছোৱাৰ হিলৌ-বৰটোপ
ফুটিল
চৰ-চৰ খৰ-মৰ ত্বক
কৈয়ে থাকিম-
বাসন্তী আবিৰৰ বেলি
শীতৰ বিৰহত
মৰিল পানী
গছ-লতাই বিনাই
সৰাপাত সৰিল
আকৌ কৈছো
গৃহিণীৰ খং
চকী মেজ মৰুভূমিত ডুবিল।
কেলৈনো আহ
জুনুকা পাঠক
বৰপেটা