সংগ্ৰাম – পৰিস্মীতা বৰা

Pc Medium

সংগ্ৰাম

পৰিস্মীতা বৰা,মাজুলী

জীৱনৰ বাট সদায় সংগ্ৰামেৰে ভৰা। সেই সংগ্ৰাম নেওচি যাব পৰা জন প্ৰকৃত মানৱ। সংগ্ৰাম থাকিলেহে  জীৱনৰ বাটত আগুৱাই যাব পাৰি। ঠিক তেনে এক সংগ্ৰামৰ মাজেৰে আগুৱাই গৈছিল পৰি। পৰি এজনী মধ্যবিত্ত পৰিয়ালৰ ছোৱালী।  তাইৰ ঘৰ মাজুলীত। পূৱাৰ  সূৰুয যেন আজি বেছিকৈ ওলাইছে। কাৰোবাৰ সপোন বোৰেও যেন  লাহে লাহে সাৰ পাইছে। পূৱাৰ কিৰণৰ দৰে,  পৰিৰ সপোন বোৰেও যে আজি পোখা  মেলিছে। পৰিৰ সপোন  অগাধ। কিন্তু সংগ্ৰাম যে তাইৰ প্ৰতিবন্ধকতা।জীৱনটোত তাই নানা সংগ্ৰাম কৰিছে । তথাপিও তাই ভাগৰি পৰা নাই। ওচৰ চুবুৰীয়াৰ কৰ্কথনা, গালি গালাজ শুনিছে। তাৰ সীমা নাই। পৰিৰ সপোন  এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ। সমাজৰ হকে  ভাল কাম কৰি যোৱা।সপোনক বাস্তৱ ৰূপায়িত কৰাৰ প্ৰয়াস কৰিছে তাই। তাই apsc পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে। মাজতে তাই নানা প্ৰত্যাহ্বানৰ সন্মুখিন হৈছে। তথাপিও তাই থমকি ৰোৱা নাই। এনেদৰে দিন বোৰ গৈ আছিল। পৰিৰ apsc পৰীক্ষা পালেহি। তাই পূৰ্ণ উদ্যমেৰে পৰীক্ষা দিছে। তাইৰ বিশ্বাস তাই সফল হ’ৱই। দিন বোৰ বাগৰিল। আজি তাইৰ পৰীক্ষাৰ ফলাফল দিব। কিমান যে আনন্দ তাইৰ আাজি। তাইৰ ফলাফল ভাল হ’ৱ ,তাইৰ সপোন পূৰ হ’ৱ । অৱশেষত ফলাফল পালে তাই acs ত স্থান পাইছে।প্ৰতিবন্ধকতা যে সফলতাৰ হেঙাৰ হ’ৱ নোৱাৰে।তাৰ জলন্ত প্ৰমান দিলে পৰিৰ সফলতাই। এটা কথা ঠিক যে জীৱনৰ বাটত আগুৱাই যাওতে নানা প্ৰতিবন্ধকতা  আহিব। কিন্তু সেই প্ৰতিবন্ধকতা নেওচি আগুৱাই যাব পৰা জনহে প্ৰকৃত সফলতাকাৰী। সেই কথা তাই প্ৰতি খোজতে বিশ্বাস কৰে। সংগ্ৰামেৰে আগৱঢ়া পৰিৰ সপোনে বাস্তৱ ৰূপ পালে। আজি যেন কেৱল পৰিয়ে নহয় , সমগ্ৰ পৃথিৱী খনে সুখী। মুঠৰ ওপৰত সংগ্ৰামী পৰি জনি শেষত সফল হ’ল।