বিজেপিত যোগদান সদ্য় কংগ্ৰেছ ত্যাগী ৰাতুল কলিতাৰ 

বিজেপিত যোগদান সদ্য় কংগ্ৰেছ ত্যাগী ৰাতুল কলিতাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা– গেৰুৱা বসন পিন্ধিলেই সদ্য় কংগ্ৰেছ ত্যাগী ৰাতুল কলিতাই। নলবাৰী বিধানসভা সমষ্টিত প্রার্থিত্ব নাপাই কংগ্রেছ দল ত্যাগ কৰা ৰাতুল কলিতাই দেওবাৰে সন্ধিয়া বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। নলবাৰী চহৰস্থিত জিলা বিজেপি কার্যালয়ত স্থানীয় বিধায়ক তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত কংগ্ৰেছ নেতা ৰাতুল কলিতাৰ লগতে মুনীন্দ্র কলিতা, বনজিৎ কলিতা, সনাতন বর্মন, জ্যোতিষ্মান কলিতা, কৰুণা নাথ, নৱজিৎ কলিতা, দেৱজিৎ কলিতা, বিনয় দাস, প্রদীপ গোস্বামী, উৎপল দাস, জয়ন্ত বর্মন, ধনজিৎ হালৈ, মিন্টু কলিতা, কালীন্দ্র কলিতাকে ধৰি ৰাইজৰ দলৰ তিনিজন সদস্যসহ প্রায় ডেৰ কুৰি কৰ্মী-সমর্থকে বিজেপিত যোগদান কৰে। জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱাই পৰিচালনা কৰা যোগদান কাৰ্যসূচীত যোগদান কৰি কংগ্ৰেছ নেতা ৰাতুল কলিতাই কয়- ‘স্বাভিমানী অসমীয়াই কংগ্ৰেছ দলত থাকিব নোৱাৰে।’ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক এজন ৰজা বুলি উল্লেখ কৰি ভাষণত তেওঁ পুনৰ কয় যে গৌৰৱ গগৈ এগৰাকী অহংকাৰী মানুহ।

গগৈয়ে সাধাৰণ মানুহক লগ নধৰে আৰু ফোনত কথা নাপাতে। গৌৰৱ গগৈ মিঞাসকলৰহে ৰজা। মিঞাকহে তেওঁ ভাল পায়। ভাষণত কলিতাই নলবাৰী চহৰ তথা নলবাৰী সমষ্টিটোৰ উন্নয়নত স্থানীয় বিধায়ক তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱা সফল হৈছে বুলি উল্লেখ কৰি এইবাৰৰ নিৰ্বাচনত ডেৰ লাখ ভোট লাভ কৰি জয়ী হ’ব বুলি মন্তব্য কৰে। অনুষ্ঠানত মন্ত্ৰী বৰুৱাই কয় যে বিজেপিৰ উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ আন দলৰ সদস্যসকলে যোগদান কৰি আছে। বিজেপিয়ে সকলোকে সমান অধিকাৰ দি আছে বুলি কৈ মন্ত্ৰী বৰুৱাই কয় যে কংগ্ৰেছ দল মিঞাৰহে দল। কংগ্রেছত সাধাৰণ ঘৰৰ পৰিয়ালৰ লোকে টিকট নাপায়। কংগ্ৰেছৰ টিকট পাবলৈ হ’লে মন্ত্ৰী-বিধায়কৰ পুত্র-কন্যা হ’ব লাগিব, নহ’লে মিঞা হ’ব লাগিব। যোগদান কার্যসূচীত মণ্ডল বিজেপিৰ সভাপতি মনোজ ডেকা, নন্দলাল সৰকাৰ, চপলা মেধিকে ধৰি জিলা সমিতিৰ বিষয়ববীয়া, কার্যকর্তাসকল উপস্থিত থাকে।