“অসমীয়া ভাষাৰ ভৱিষ্যৎ কি বুলি সুধিলে আপোনাৰ উত্তৰ কি হব ?”
যোৰহাট, টিয়ক, খনামুখ
আজি অসমীয়া ভাষাটো মৃত্যুৰ দিশে আগবাঢ়িছে নি? অসমীয়া ভাষা হৈছে অসমৰ ৰাজ্যিক ভাষা তথা সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা।অৰুণাচল প্ৰদেশ, পশ্চিম বংগৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আনৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমীয়া-ভিত্তিক নাগামিজ নামৰ এটা সংযোগী ভাষা নাগালেণ্ডত ব্যাপকভাৱে ব্যৱহাৰ হয়। অৰুণাচলত ব্যৱহাৰ হোৱা সংযোগী ভাষাটোক অৰুণামিজ নামেৰে জনা যায়৷ ভূটানতো কিছুসংখ্যক অসমীয়াভাষী লোক আছে। এক তথ্য ভিত্তিত বৰ্তমান সময়ত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো অধিক আৰু বিশ্বজুৰি এই ভাষা কোৱা ব্যক্তি ২ কোটি। অতিকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে ২০২৪ চনৰ ৩ অক্টোবৰ তাৰিখে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰে।
প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাবিশেষেই ক্ৰম পৰিৱৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম-একাদশ শতিকা মানত অসমীয়া ৰূপ লবলৈ আৰম্ভ কৰে।ভাৰতীয় আৰ্য ভাযাৰ প্ৰাচীন লিখিত ৰূপটো আছিল সংস্কৃত। সংস্কৃত ভাষাৰ বিৱৰ্তন ঘটি পালি আৰু প্ৰাকৃত ভাষাৰ সৃষ্টি হয়। ভাৰতৰ পূৱ অঞ্চলত সংস্কৃত পৰা মাগধী প্ৰাকৃত ভাষাৰ সৃষ্টি হয়। মাগধী প্ৰাকৃতৰ ৰাঢ়, বাঢ়েন্দ্ৰ বংগ আৰু কামৰূপ নামেৰে চাৰিটা শাখাত বিভক্ত হয়। কামৰূপী প্ৰাকৃত আৰু অপভ্ৰংশৰ মাজেদি একাদশ শতিকামানত অসমীয়া ভাষাৰ উৎপত্তি হয়।
এতিয়া আহোঁ আমি – “বৰ্তমান সময়ত অসমীয়া ভাষাৰ শুদ্ধ ভাৱে লিখা আৰু কোৱাৰ প্ৰাসংগিকতা কিমান?
আপুনি যদি ক’ৰবাত যায় তেতিয়া লক্ষ্য কৰিব কিছুমান হোটেল নাইবা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা সাংকেতিক চিহ্ন নাইবা ৰাজহুৱা স্থানত কিছুমান শব্দ ভুল,যাৰ বাবে আজি অসমীয়াই লাজ পাইছে। বেছি উদাহৰণ দিয়া উচিত নহয় যদিও দুটা বিশেষ উদাহৰণ দিব বিচাৰিছোঁ।
প্ৰথমটো উদাহৰণ হ’ল – ” চান্দমাৰীৰ নিজৰাপাৰৰ পেঞ্চনাৰ্ছ ভৱনৰ কাষতে থকা ভূপেন হাজৰিকা দেৱৰ উদ্যান খনত “স্মাৰক” শব্দটো “শ্মাৰক” হিচাপে লিখা আছে। যিটো অতি দুখৰ বিষয় । যিজন ব্যক্তিয়ে তেখেতৰ সৃষ্টিৰ দ্বাৰা সমগ্ৰ বিশ্বত খলকনি তুলিছিল তথা অসমৰ এক উজ্জ্বল জ্যোতিষ্ক তথা সকলোৰে আদৰ্শ আছিল তেনে ক্ষেত্ৰত অসম চৰকাৰ তথা কোনো জনহিতৈষী ব্যক্তিৰ দৃষ্টিগোচৰ হোৱা নাইনে এই শব্দটো। অসমতে আজি অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিছে একাংশ ব্যক্তিয়ে। শব্দৰ উচ্চাৰণ, শব্দৰ অৰ্থ নজনা ব্যক্তি আজি শব্দৰ লগত খেলা কৰিছে,যিটো অতি দুৰ্ভাগ্যজনক।
দ্বিতীয়টো উদাহৰণ হ’ল – আপুনি যদি যোৰহাটৰ পৰা তেজপুৰত গৈছে তেতিয়া আপুনি বোকাখাতৰ পৰা বুঢ়াপাহাৰ লৈকে এনে কিছুমান সাংকেতিক চিহ্ন তথা পষ্টাৰ দেখিব, সম্পূৰ্ণ শব্দ ভুল। যিটো ৰাস্তা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে স্বীকৃতি পাইছে আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথতে দৈনিক হাজাৰ হাজাৰ ব্যক্তিৰ আগমন ঘটি আছে তেনে ক্ষেত্ৰত এই শব্দবোৰ কেতিয়াবা গুৰুত্ব দিছে যদিও আকৌ সেইবোৰ পাহৰি পেলাইছে। কাৰণ এয়ে যে – ” ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। ” তেওঁলোকে এদিন লিখিব এই কথাটো বা ভাবিব এদিন কিন্তু এই বিষয়ে ক’ব কাক? কাকো ক’ব নোৱাৰে এই কথা, মাথোঁ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱলৈ এখন মুকলি চিঠি লিখিলেহে দৃষ্টিগোচৰ হ’ব।
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱে কৈছিল — অসমীয়া ভাষা পুৰণি ভাষা৷ ই প্ৰাচীন কালতো আছিল, সেই কালৰে পৰা আজিলৈকে উন্নতি অৱনতিৰ চাকনৈয়াত ঘূৰি ঘূৰি ই চলি আহিব লাগিছে; আৰু চলি থাকিব৷
আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে? বৰ্তমান সময়ত আমাৰ একাংশ যুৱপ্ৰজন্মই কয় – ” I don’t know how to speak and write Assamese, but I know how to speak and write English.” এয়াই বৰ্তমান সময়ৰ কিছু যুৱচামৰ ভাষ্য। এই ভাষ্যটোৰ পৰা কিছুমান কথা গম পোৱা যায় যে –
১) ইংৰাজী ভাষাত লিখা মেলা কৰিলে শিক্ষিত যেন লাগে। হয় কথাষাৰ সঁচা, কিন্তু ইংৰাজী ভাষাত লিখিব গৈ নিজৰ ভাষাটোক আঁতৰাই ৰাখিব নালাগে কাৰণ, আপুনি জন্ম হৈ যেতিয়া মাত মাতিছিল তেতিয়া কিন্তু প্ৰথম শব্দ ” মা ” বুলিহে উচ্চাৰণ হৈছিল,যিটো আমাৰ সন্মানীয় শব্দ। গতিকে ইংৰাজী ভাষাত চৰ্চা কৰিলেও অসমীয়া ভাষা যে চৰ্চা নকৰোঁ সেইটো সম্পূৰ্ণ ভুল ধাৰণা। নীলিম আকাশ কাশ্যপ ছাৰ, সকলোৰে এটি শ্ৰদ্ধা নাম ( তেওঁৰ লগত মোৰ ব্যক্তিগত সম্পৰ্কও অতি ভাল) । নীলিম আকাশ কাশ্যপ ছাৰ অকল অসমৰ লেখক নহয় , তেওঁ হৈছে ভাৰতবৰ্ষৰ এজন সাহিত্যিক। তেওঁ ইংৰাজী ভাষাত লেখা মেলা কৰে যদিও আজিও কিন্তু তেওঁ অসমীয়া ভাষা পাহৰি যোৱা নাই আৰু বিভিন্ন বাতৰি কাকত, আলোচনীত তেওঁৰ অসমীয়া – ইংৰাজী ভাষাৰ লেখা প্ৰকাশ পাইছে।
২) বহুত ব্যক্তিয়ে অসমীয়া ভাষা বানান ভুল হোৱাৰ ক্ষেত্ৰত লেখা মেলা নকৰে। ” নজনাটো লাজৰ কথা নহয় , শিকিব যত্ন নকৰাটোহে লাজৰ কথা ।” আমাৰ প্ৰতিজন ব্যক্তিৰ আঁৰত একো একোটা শক্তিশালী মন আছে আৰু প্ৰতিজন ব্যক্তিয়ে নিজৰ অনুভৱ সমূহ প্ৰকাশ কৰিব বিচাৰে কিন্তু তেওঁলোকে নিলিখাৰ কাৰণ হ’ল – ” শব্দ ভুল ।” যদি শব্দ ভুলৰ বাবেই তেওঁলোকে লেখা – মেলা নকৰে তেন্তে এদিন এনে এটা সময় আহিব, অসমত অসমীয়া ভাষাত লেখা মেলা কৰা ব্যক্তিৰ সংখ্যা এমুঠিমান হ’ব।
৩) আমাৰ অসমত বিভিন্ন ধৰ্মাৱলম্বীৰ ব্যক্তি আছে, কিন্তু তাৰ ভিতৰত অসমীয়া কিমানে কয়? এজনে যদি অসমীয়া ভাষা ব্যৱহাৰ কৰে আনজনে আকৌ, হিন্দী, ইংৰাজী আদি ভাষা ব্যৱহাৰ কৰে। যিটো অসমীয়া ভাষা এদিন ধ্বংস হোৱাৰ অন্যতম কাৰক হ’ব পাৰে।
এনেকুৱা বহুত দৈনিক দৃষ্টিগোচৰ হৈ থকা উদাহৰণ আছে যাৰ ফলত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদা পালে যদিও দৈনিক লুপ্ত হোৱাৰ দিশে ঢাপলি মেলিছে।
