আশাৰ পোহৰ
ৰুমী কলিতা দত্ত
২নং কেন্দুগুৰি,ধমন,ডিব্ৰুগড়
প্ৰতিদিনৰ দৰে সেইদিনাও সন্ধিয়া হৈ আহিছিল। গুৱাহাটী মহানগৰীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা ৰিয়াৰ ঘৰলৈ উভতাৰ পথত লাহে লাহে এন্ধাৰ ঘন হৈ আহিছিল। বাছ আস্থানত থিয় হৈ থকা ৰিয়াৰ মনত এক অচিনা ভয় আৰু সংকোচে দোলা দিছিল— কাৰণ এই সময়ছোৱাত পথৰ কিছুমান অচিনাকী লোকৰ দৃষ্টি আৰু ব্যৱহাৰ প্ৰায়েই অপ্ৰীতিকৰ হৈ পৰে।
বাছখন আহি পোৱাত ৰিয়া ক্ষিপ্ৰতাৰে তাত উঠিল। কিন্তু ভিতৰৰ পৰিৱেশটোও বিশেষ সুৰক্ষিত যেন লাগা নাছিল। দুজন ব্যক্তিয়ে ৰিয়াৰ ফালে একেৰাহে চাই কিবা ফিচফিচাই হাঁহি আছিল। ৰিয়াই নিজৰ ফোনটো টানকৈ খামুচি ধৰিলে আৰু অলপ আঁতৰি থিয় হ’ল।
ঠিক তেনেতে, ওচৰতে বহিবলৈ পোৱা এগৰাকী বয়োবৃদ্ধা মহিলাই ৰিয়াৰ অস্বস্তি লক্ষ্য কৰিলে। তেওঁ মৰমেৰে ৰিয়াক ওচৰলৈ মাতি ক’লে, “আই, ইয়াত মোৰ কাষতে বহা।” মহিলাই পাছফালে বহি থকা ব্যক্তি দুটাক তীক্ষ্ণ দৃষ্টিৰে চালে। একে সময়তে, ওচৰতে থকা কলেজীয়া ল’ৰা এজনেও থিয় হৈ পৰিস্থিতিটো বুজি পালে আৰু থিয় হৈ ব্যক্তি দুটাৰ আৰু ৰিয়াৰ মাজত একপ্ৰকাৰ পহৰাৰ দৰে অৱস্থান ল’লে।
বাছখনৰ পৰা নামি নিজৰ উপ-পথটোৰে খোজ লওঁতে ৰিয়াৰ ভয় আকৌ বাঢ়িছিল, কাৰণ এই পথটো সদায় অন্ধকাৰ হৈ থাকে। কিন্তু নামি দেখিলে, স্থানীয় ‘মহিলা সমিতি’ৰ সদস্যাসকলে সেই পথটোত পথ-চাকি (Street light) সংস্থাপনৰ কাম তদাৰক কৰি আছে আৰু একাংশ স্থানীয় ডেকাই চুবুৰীটোত সুৰক্ষাৰ বাবে নৈশ পহৰা দিয়াৰ ব্যৱস্থা কৰিছে।
সমিতিৰ সভাপতি নবীন বাইদেউৱে ৰিয়াক দেখি ক’লে, “ৰিয়া, ভয় নকৰিবা। এই সমাজখন আমাৰ সকলোৰে। তোমালোকক সুৰক্ষিতভাৱে ঘৰ পাবলৈ দিয়াটো আমাৰ সকলোৰে দায়িত্ব।”
সেইদিনা ৰিয়াই উপলব্ধি কৰিলে যে নাৰী সুৰক্ষা কেৱল আইন বা আৰক্ষীৰ বিষয় নহয়; ই আমাৰ মানসিকতা আৰু সামাজিক সজাগতাৰ ওপৰতো নিৰ্ভৰ কৰে। যেতিয়া এজন পুৰুষে অন্যায়ৰ বিৰুদ্ধে মাত মাতে, যেতিয়া এগৰাকী মহিলাই আন এগৰাকী মহিলাৰ কাষত থিয় হয়, আৰু সমাজখনে প্ৰত্যেকগৰাকী কন্যাৰ বাবে এক সুৰক্ষিত পৰিৱেশ গঢ়ি তুলিবলৈ সংকল্পবদ্ধ হয়— তেতিয়াহে প্ৰকৃত অৰ্থত নাৰী সুৰক্ষা সম্ভৱ হৈ উঠে।
ঘৰৰ দুৱাৰখন খুলি ৰিয়াই এক নতুন আশাৰে দীঘল উশাহ ল’লে— এখন ভয়মুক্ত আৰু সুৰক্ষিত সমাজৰ আশা।
