চচলত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদ

Pc Social News XYZ

চচলত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ চচলত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।এনপিএছৰ সলনি পুৰণি পেন্সন প্ৰৱৰ্তনৰ দাবীৰে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাই চচল ধর্ণাস্থলীত প্রতীকী অনশন কার্যসূচী গ্ৰহণ কৰে। নিৰ্বাচনৰ পূৰ্বে পুৰণা পেন্সন নীতি বাহাল ৰখাৰ দাবী। অন্যথা ’২৬ৰ নিৰ্বাচনত চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। সংগঠনটোৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই আজি এই সন্দর্ভত কয় যে এনপিএছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰকালীন সুৰক্ষা নিশ্চিত নকৰে। পুৰণি পেন্সন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তনেহে কৰ্মচাৰী সমাজক সকাহ দিব পাৰে। এইক্ষেত্ৰত সকলো ৰাজনৈতিক শক্তিক এক চূড়ান্ত সিদ্ধান্ত ল’বলৈ আগন্তুক অসম বিধানসভা নির্বাচনৰ পূৰ্বে আহ্বান জনাইছে সংগঠনটোৱে। যদিহে চৰকাৰ অথবা কোনো ৰাজনৈতিক দলে এনে সিদ্ধান্ত গ্ৰহণ নকৰে, তেন্তে পৰৱৰ্তী সময়ত সকলোধৰণৰ গণতান্ত্রিক পথ লোৱাৰ হুংকাৰ দিছে সংগঠনটোৱে। উল্লেখ্য যে সংগঠনটোৰ উদ্যোগত কেইবাজনো সদস্যই ছঘণ্টীয়া প্রতীকী অনশনত অংশ লয়। ইপিনে, গৃহকর্মীৰ সামাজিক সুৰক্ষা আইন প্রণয়নৰ দাবীত আজি গৃহকর্মী অধিকাৰ সুৰক্ষা সমিতি আৰু সদৌ গুৱাহাচী গৃহকর্মী ইউনিয়নৰ নেতৃত্বত অর্ধসহস্র গৃহকর্মীয়ে প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰে। গৃহকর্মীসকলে সামাজিক সুৰক্ষা আৰু কল্যাণ নিধি গঠন, ন্যূনতম মজুৰি, গৃহকর্মীসকলৰ চৰকাৰী পঞ্জীয়নকে ধৰি কেইবাটাও সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনায়।