মহিলা কৰ্মচাৰীৰ বাবে ৰাজ্য চৰকাৰৰ ব্যতিক্রমী পদক্ষেপ

Pc HR Katha

মহিলা কৰ্মচাৰীৰ বাবে ৰাজ্য চৰকাৰৰ ব্যতিক্রমী পদক্ষেপ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ব্যৱস্থা উপলব্ধ চৰকাৰৰ।  ৰাজ্য চৰকাৰে কর্মক্ষেত্রত মহিলা কৰ্মচাৰীৰ সুৰক্ষা বৃদ্ধিৰ প্ৰয়াস হিচাপে এক ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰিছে। বিভাগে বিভাগে ‘SHe Box’ (ছেজুৱেল হেৰাছমেন্ট ইলেক্ট্র’নিক বক্স) ব্যৱস্থা ৰূপায়ণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। ইয়াৰ দ্বাৰা ভুক্তভোগী মহিলা কৰ্মচাৰীসকলে নিৰাপদ আৰু গোপনীয় ইলেক্ট্র’নিক প্লেটফৰ্মৰ জৰিয়তে নিৰ্যাতন বা হাৰাশাস্তি সম্পৰ্কীয় অভিযোগ দাখিল কৰিব পাৰিব। এই ব্যৱস্থা কাৰ্যকৰী হোৱাৰ লগে লগে প্ৰতিটো চৰকাৰী বিভাগতে ‘SHe Box’ৰ সুবিধা সুলভ হ’ব। ব্যৱস্থাটোৰ ৰূপায়ণ আৰু কাম-কাজ তদাৰক কৰিবলৈ ইতিমধ্যে ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত সচিব হেমাশ্রী হাজৰিকাক ন’ডেল বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। প্লেটফৰ্মটো নিৰীক্ষণ তথা অভিযোগসমূহ সঠিকভাবে পর্যালোচনা আৰু সমাধান নিশ্চিত কৰাৰ দায়িত্ব তেওঁৰ হ’ব। প্রধানতঃ অনলাইনৰ জৰিয়তে ভুক্তভোগীয়ে গোপনীয়তা বজাই ৰাখি দাখিল কৰিব পাৰিব অভিযোগ। লগতে অভিযোগকাৰীসকলে তেওঁলোকৰ অভিযোগ গাঁথনিগত আৰু স্বচ্ছভাৱে দিব পাৰিব। এই প্লেটফর্মটোৱে কর্মক্ষেত্রত মহিলা যৌন নির্যাতন (প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ) আইন-২০১৩ৰ বিধান অনুসৰি কৰ্মস্থানত যৌন নিৰ্যাতনৰ গোচৰসমূহ লিপিবদ্ধ নিৰীক্ষণ-সমাধানৰ বাবে ডিজাইন কৰা অনলাইন অভিযোগ ব্যবস্থাপনা হিচাপে কাম কৰিব।