আহমেদাবাদত আজি ভাৰত- নিউজিলেণ্ডৰ মাজত ফাইনেল
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰায় এমাহ ধৰি চলা টি-২০ বিশ্বকাপৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি বিশ্ব জয়ৰ শেষ ৰণ। ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত আজি অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল। । এই খিতাপ যুঁজৰ মেচখনত দুয়োটা দলে ইতিহাস গঢ়াৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব। আজিৰ মেচখনক লৈ দুয়োটা দল আত্মবিশ্বাসী। ইতিমধ্যে মেচখনক লৈ বাকযুদ্ধত লিপ্ত হৈছে নিউজিলেণ্ডৰ অধিনায়ক মিচেল ছাণ্টনাৰ। অৱশ্যে ভাৰতীয় দলটোৰ অধিনায়কে নিউজিলেণ্ডৰ অধিনায়কগৰাকীৰ বাকযুদ্ধক লৈ কোনো ধৰণৰ প্ৰতিক্রিয়া ব্যক্ত কৰা নাই। ফাইনেল মেচখনৰ বাবে বিশেষ ৰণনীতি তৈয়াৰত ব্যস্ত হৈ পৰিছে ঘৰুৱা দলটো। বিশ্ববাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকা খিতাপ যুঁজৰ মেচখনৰ বাবে আহমেদাবাদত চাৰি ধৰণৰ উইকেট প্ৰস্তুত কৰা হৈছে। যোৱাকালি বিয়লি নিউজিলেণ্ড দলটোৱে প্রায় তিনি ঘণ্টা ধৰি অনুশীলন কৰে। ইপিনে, শুকুৰবাৰে বিয়লি মুম্বাইৰ পৰা আহমেদাবাদত উপস্থিত হয় সূর্যকুমাৰ বাহিনী শনিবাৰে অনুশীলনত নামে। অনুশীলনৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰে কয় যে বৰুণ চক্ৰৱৰ্তীৰ অফ ফর্ম, টছ, নিয়ৰৰ প্রভাৱ, উইকেট আদি সকলো চম্ভালিবলৈ সম্পূৰ্ণৰূপে সাজু আছো। ফাইনেলত দলটোক নেতৃত্ব দিবলৈ পাই তেওঁ অত্যন্ত সুখী বুলি মন্তব্য কৰে। সন্ধিয়া ৭ বজাৰ পৰা ফাইনেল খেলখন আৰম্ভ হ’ব।
