ডিব্ৰুগড়ৰ বিশিষ্ট সমাজকৰ্মী,দাতা জ্যোতিপ্ৰসাদ কানৈৰ বদন্যতা::বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ গৃহ নিৰ্মাণৰ বাবে ৫০ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- দেশ বা সমাজ এখন শৃঙ্খলাবদ্ধ ভাবে পৰিচালিত হোৱাত সাংবাদিকৰ ভূমিকা অনস্বীকাৰ্য্য।গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক সকলক আখ্যা দিয়া হয় যদিও সাংবাদিক সকলক যেনেদৰে গুৰুত্ব দিব লাগে, স্বাধীনতা পাব লাগিছিল সেয়াও কাৰ্যত পৰিলক্ষিত হোৱা নাই। -এই মন্তব্য ডিব্ৰুগড় আৰু ৰাজ্যৰ এগৰাকী নমস্য সমাজকৰ্মী,দাতা জ্যোতি প্ৰসাদ কানৈৰ। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ এক সৌহাদ্যপূৰ্ণ অনুষ্ঠানত অসমৰ এইগৰাকী অন্যতম দাতা,সমাজকৰ্মী জ্যোতি প্ৰসাদ কানৈয়ে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ স্থায়ী ভৱন নিৰ্মাণৰ বাবে ৫০ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াই তেখেতৰ এনে বদান্যতা তথা মহানুভৱতাৰ পৰিচয় দিয়াৰ বাবে আজি জ্যোতি প্ৰসাদ কানৈক বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বাকৰিত এক উষ্ম আদৰণি জনোৱা হয়।তেওঁৰ স্বভাৱসিদ্ধ ভাষণত পুনৰাই কয় যে একো গৰাকী নিষ্ঠাবান সাংবাদিকে বহু কষ্টৰ মাজেৰেই জীৱন সংগ্ৰামত অৱতীৰ্ণ হ’ব লগীয়াত পৰে। কিন্তু আজি পৰ্যন্ত সাংবাদিকৰ জীৱনৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ একো পদক্ষেপ গ্ৰহণ নকৰিলে।সমগ্ৰ ৰাজ্যখনত উন্নয়ন সূচনা হৈছে কিন্তু বহু ঠাইত সাংবাদিক সকলকৰ বাবে নিজাববীয়া স্থায়ী গৃহ নোহোৱাত বহুত অসুবিধাৰ সন্মুখীন হ’ব লগীয়াত পৰে ।সাংবাদিক নোহোৱাকৈ কোনো এখন চৰকাৰ বৰ্ত্তি থাকিব নোৱাৰে বুলিও উল্লেখ কৰে সমাজকৰ্মী জ্যোতিপ্ৰসাদ কানৈয়ে।বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত তেওঁ লগতে কয় যে শেহতীয়াকৈ অসম চৰকাৰে স্বীকৃতি প্ৰাপ্ত সাংবাদিক সকলক একোটিকৈ মোবাইল প্ৰদান কৰি উপকৃত কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকক মটৰ প্ৰদান কৰিব বুলিও ঘোষণা কৰিছে ভাল কথা।কিন্তু সাংবাদিক সকল বিভিন্ন সময়ত নিজৰ তথা পৰিয়ালৰ দূৰ্যোগৰ সময়ত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হোৱা আমি দেখিবলৈ পাওঁ।সেয়ে সাংবাদিক সকলৰ বাবে নিজৰ তথা পৰিয়ালৰ ভৱিষ্যত নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত।সভাপতি তথা অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাই সমাজকৰ্মী জ্যোতি প্ৰসাদ কানৈৰ বদন্যতাৰ বিষয়ে উল্লেখ কৰি ডিব্ৰুগড়ৰ সামাজিক জীৱনৰ বাবে আগবঢ়োৱা তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ অৱদানৰ বিষয়ে উল্লেখ কৰে।উল্লেখযোগ্য যে ডিব্ৰুগড় তথা অসমৰ সমাজ জীৱনৰ এগৰাকী সমাজহিতৈষী, দাতা হিচাপে পৰিচিত জ্যোতি প্ৰসাদ কানৈয়ে বিগত পঞ্চাশ বছৰ চাৰ্টাৰ্ড একাউণ্ট হিচাপে নিজৰ কৰ্মজীৱন অব্যাহত ৰাখিছে।বৰ্তমান এইগৰাকী দাতা,সমাজ হিতৈষী কানৈয়ে তেওঁলোকৰ পৰিয়ালৰ নামতে প্ৰতিষ্ঠিত ডিব্ৰুগড় হনুমানবস্ক সূৰুযমল কানৈ আইন মহাবিদ্যালয়ত ৭৪ বছৰ বয়সতো আইনৰ শিক্ষাৰ বাবে নামভৰ্তি কৰি শিক্ষা গ্ৰহণ কৰি আছে। জ্যোতি ললিতা কানৈ ন্যাসৰ উদ্যোগত বৰ্তমান ডিব্ৰুগড়ৰ প্ৰতিখন শিক্ষানুষ্ঠান আৰু বিভিন্ন সামাজিক অনুষ্ঠানত কোনো লাভালাভৰ কথা চিন্তা নকৰি কেৱল মাত্ৰ নিজৰ সঞ্চিত ধনেৰে সমাজৰ প্ৰতি বিশিষ্ট অবদান আগবঢ়ায় আৰু ডিব্ৰুগড়ৰ সমাজ জীৱনৰ বাবে দাতা জ্যোতি প্ৰসাদ কানৈ হিচাপে পৰিচিত লাভ কৰিছে।ইফালে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা সভাত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপ-সভাপতি বিভাস দুৱৰা আৰু উপদেষ্টা ড° লোহিত শইকীয়া উপস্থিত থাকি সমাজকৰ্মী গৰাকীয়ে নি:স্বাৰ্থ ভাবে সমাজলৈ আগবঢ়াই অহা কাম-কাজৰ সন্দৰ্ভত উল্লেখ কৰি উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন “বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব”ৰ তথা ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ ভৱন নিৰ্মাণৰ বাবে এককালীন আৰ্থিক অনুদান হিচাপে ৫০ লাখ টকা আগবঢ়োৱা বিষয়ে কয়। উল্লেখ্য যে, ডিব্ৰুগড়ৰ ডিকমৰ পৰা খোৱাং লৈকে কৰ্মৰত সাংবাদিক সকলক লৈ গঠিত ‘বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব’ৰ যোৱা ১৮ ফেব্ৰুৱাৰীত এ. টি. পথৰ কাষত লায়ন্স ক্লাবৰ সমীপত নিজা ভূমিত আধাৰ শিলা স্থাপন কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ক্লাবৰ প্ৰেক্ষাগৃহ আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী তথা উদ্যোগপতি তথা দানবীৰ হিচাপে পৰিচিত জ্যোতি প্ৰসাদ কানৈয়ে ক্লাবৰ নিৰ্মাণ ক্ষেত্ৰত ৫০ লাখ টকা তেওঁৰ জ্যোতি -ললিতা ফাউণ্ডেশ্যনৰ পৰা আগবঢ়াইছিল। তেখেতক বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ ফালৰ পৰা গামোচা, চেলেং, স্মাৰক আৰু কৃতজ্ঞতা পত্ৰ প্ৰদান কৰা হয়।অনুষ্ঠানত ক্লাবৰ উপদেষ্টা ড০ লোহিত শইকীয়া, শৈলেস জৈন , যাদৱ গগৈ, কৰুণা ফুকন প্ৰমুখ্যে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সমূহ সাংবাদিক উপস্থিত থাকে।
