অৱহেলিত দক্ষিণ কামৰূপৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ মিৰ্জাৰ ‘অনঘালয়’( প্ৰেক্ষাগৃহ),সম্পূৰ্ণ নহ’ল প্ৰেক্ষাগৃহৰ নিৰ্মাণকাৰ্য

অৱহেলিত দক্ষিণ কামৰূপৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ মিৰ্জাৰ ‘অনঘালয়’( প্ৰেক্ষাগৃহ),সম্পূৰ্ণ নহ’ল প্ৰেক্ষাগৃহৰ নিৰ্মাণকাৰ্য

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ কামৰূপৰ অন্যতম শৈক্ষিক আৰু সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মিৰ্জাস্থিত ‘অনঘালয়’ প্ৰেক্ষাগৃহটো বৰ্তমান এক পৰিত্যক্ত অট্টালিকাত পৰিণত হৈছে। ২০১১ চনতে আৰম্ভ হোৱা এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো দীৰ্ঘদিন ধৰি আধৰুৱা হৈ পৰি থকাক লৈ এতিয়া তীব্ৰ ক্ষোভ উজাৰিছে মিৰ্জাৰ সচেতন ৰাইজে। প্ৰাক্তন শিক্ষামন্ত্ৰী তথা তদানীন্তন বিধায়ক যতীন মালীৰ উদ্যোগত ২০১১ চনত এই প্ৰেক্ষাগৃহটোৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল। বৃহত্তৰ মিৰ্জা অঞ্চলৰ সাহিত্য, কলা-সংস্কৃতি, নাটক আৰু বিভিন্ন সামাজিক অনুষ্ঠানসমূহ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে চৰকাৰী সহযোগত এই প্ৰেক্ষাগৃহটোৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে, এক দশক অতিক্ৰম কৰাৰ পিছতো আজিও প্ৰেক্ষাগৃহটোৱে পূৰ্ণতা নাপালে। প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীয়েও এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁৰ কাৰ্যকালত আৰম্ভ হোৱা এই জনহিতকৰ কামটো পৰৱৰ্তী সময়ত কিয় আৰু কাৰ স্বাৰ্থত আধৰুৱা কৰি ৰখা হ’ল, তাক লৈ এতিয়া চৰকাৰ আৰু স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াক মিৰ্জাৰ ৰাইজে জবাবদিহি কৰা পৰিলক্ষিত হৈছে। বিশাল ধনৰাশি ব্যয় কৰি নিৰ্মাণ আৰম্ভ কৰা এই প্ৰেক্ষাগৃহটো বৰ্তমান জহি-খহি যাবলৈ ধৰিছে। সাংস্কৃতিক চৰ্চাৰ থলী হোৱাৰ পৰিৱৰ্তে ই এতিয়া অসামাজিক শক্তিৰ আশ্ৰয়স্থল হোৱাৰ হে সম্ভাৱনা প্ৰকট হৈ পৰিছে। অঞ্চলটোৰ শৈক্ষিক আৰু বৌদ্ধিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা ল’বলগীয়া ‘অনঘালয়’ক এনেদৰে অৱহেলা কৰা কাৰ্যই স্থানীয় ৰাইজক মৰ্মাহত কৰি তুলিছে।শীঘ্ৰেই চৰকাৰে এই বিষয়টোত গুৰুত্ব দি অসম্পূৰ্ণ কামকাজসমূহ সম্পূৰ্ণ কৰি প্ৰেক্ষাগৃহটো ৰাইজৰ বাবে মুকলি কৰি দিবলৈ সচেতন মহলে দাবী জনাইছে। অন্যথা, অঞ্চলটোৰ সাংস্কৃতিক উত্তৰণৰ বাবে ই এক ডাঙৰ বাধা হৈ ৰ’ব বুলি ধাৰণা কৰা হৈছে।