মিঞাৰ লগত আমাৰ শত্রুতা নাইঃমুখ্যমন্ত্ৰী

মিঞাৰ লগত আমাৰ শত্রুতা নাইঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ‘২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অব্যাহত ‘জন আশীৰ্বাদ যাত্ৰা’ৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কৰিলে মিঞাকলৈ এক ঐতিহাসিক ঘোষণা-ৰাষ্ট্ৰক ভাল পোৱা মানুহৰ লগত আমাৰ কোনো সমস্যা নাই। কোনোবাই যদি ভাৰত মাতাৰ জয় বুলি কয়, বন্দে মাতম সম্পূর্ণকৈ যদি গায়, তাত আপত্তি কৰিবলৈ একো নাই। আমাৰ সমস্যাটো হ’ল- য’ত লাভ জেহাদ হয়, লেণ্ড জেহাদ হয়, ফার্টিলাইজাৰ জেহাদ হয়, য’ত আমাৰ মাটি দখল কৰে, তাতহে সমস্যা হয়। আমাৰ সমস্যাবিলাক পৃথক। মই বহুবাৰ কৈছোঁ যে মিঞা মানুহৰ লগত আমাৰ শত্রুতা নাই। কিন্তু লাভ জেহাদ বন্ধ হ’ব লাগিব, বাল্যবিবাহ বন্ধ হ’ব লাগিব, বহুবিবাহ বন্ধ হ’ব লাগিব, ফার্টিলাইজাৰ জেহাদ বন্ধ হ’ব লাগিব, লেণ্ড জেহাদ বন্ধ হ’ব লাগিব। এই চর্তসমূহ মানিলে আমি কাৰো সৈতে শত্রুতা নকৰোঁ। আমি কোনো মানুহৰ বিৰোধী নহয়, কাৰণসমূহৰহে বিৰোধী।