কাৰ্বি আংলঙ চকীহোলাৰ ৰংখেলান গাঁৱত যুঁজাৰু ছুখয় বিমান দুৰ্ঘটনাত পতিত

কাৰ্বি আংলঙ চকীহোলাৰ ৰংখেলান গাঁৱত যুঁজাৰু ছুখয় বিমান দুৰ্ঘটনাত পতিত

ৰঙিলী বাৰ্ত্তাসেৱা-  কাৰ্বি আংলঙৰ চকীহোলাৰ ৰংখেলান গাঁৱৰ দুৰ্গম পাহাৰীয়া এলেকাত বৃহস্পতিবাৰে সন্ধিয়া ভাৰতীয় বায়ুসেনাৰ ছুখয় – ৩০ এম কে আই নামৰ এখন যুঁজাৰু বিমান ভূপতিত হোৱাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হয়। বৃহস্পতিবাৰে সন্ধিয়া গাঁওবাসীয়ে এটা বিকট শব্দ শুনিবলৈ পাই শব্দৰ উৎস বিচাৰি যাওঁতেই বিমানখন দাওদাওকৈ জ্বলি থকা অৱস্থাত প্রত্যক্ষ কৰে। ঘটনাটো সংঘটিত হোৱাৰ কিছু সময় পাছতে স্থানীয় গাঁওবাসীয়ে আৰক্ষীক খবৰ দিয়ে। এই সন্দৰ্ভত প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰই সদৰী কৰা মতে,বৃহস্পতিবাৰে  সন্ধিয়াৰ ভাগত যোৰহাটৰ বায়ুসেনা ছাউনীৰ পৰা উৰা মাৰিছিল চাৰিখনকৈ ছুখয় এছইউ-৩০ এমকেআই যুঁজাৰু বিমানখন। অনুশীলনৰ বাবে সন্ধিয়াৰ ভাগত উৰা মৰা চাৰিখন বিমানৰ তিনিখন উভতি আহে যদিও এখন ভূপতিত হয়। বিমানখনত এজন পাইলট আৰু এজন সহযোগী আছিল । এই সন্দৰ্ভত ভাৰতীয় বায়ুসেনাই এক্স হেণ্ডেলযোগে সদৰী কৰা অনুসৰি বিমানখনৰ সৈতে বৃহস্পতিবাৰে সন্ধিয়া প্রায় ৭.৪২ বজাত অন্তিমবাৰৰ বাবে সংযোগ স্থাপন হৈছিল। তাৰ পিছৰ পৰা বিমানখনৰ কোনো সন্ধান বায়ুসেনা বাহিনীয়ে লাভ কৰা নাই। এই সন্দৰ্ভত উদ্ধাৰ অভিযানৰ বাবে ভাৰতীয় বায়ুসেনাৰ এটা উচ্চস্তৰীয় দল ঘটনাস্থলীলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে।