ইংলেণ্ডক ৭ ৰানত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ডিফেণ্ডিং চেম্পিয়ন ভাৰত

Pc Pune Mirror

ইংলেণ্ডক ৭ ৰানত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ডিফেণ্ডিং চেম্পিয়ন ভাৰত

ৰঙিলী বাৰ্ত্তাসেৱা- মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত  টি-২০ বিশ্বকাপ ২০২৬ ৰ হাইভল্টেজ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক ৭ ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ডিফেণ্ডিং চেম্পিয়ন ভাৰতে । ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপৰ ফাইনেলত চতুৰ্থবাৰৰ বাবে স্থান নিশ্চিত কৰিবলৈ সক্ষম হয় ৷ শ্বাসৰুদ্ধকৰ মেচখনত ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ২৫৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি জেকব বেথেলৰ শতক সত্ত্বেও ইংৰাজ বাহিনীয়ে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৪৬ ৰান সংগ্ৰহ কৰে। বেথেলৰ ৪৮টা বলৰ ইনিংছটোত আছিল ৮টা চাৰি আৰু ৭টা ছয়। বেথেলৰ উপৰি উইল জেকছে ৩৫, বাটলাৰে ২৫, আৰ্চাৰে অপৰাজিতভাৱে ১৯, কৰনে ১৮ আৰু বেণ্টনে ১৭ ৰান কৰে। ভাৰতৰ হৈ হার্দিকে সর্বাধিক দুটা উইকেট লয়। ইয়াৰ পূৰ্বে প্রথম বেটিং কৰি অ’পেনাৰ সঞ্জু ছেমছনৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত টীম ইণ্ডিয়াই নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৫৩ ৰান সংগ্ৰহ কৰে। সঞ্জু আৰু অভিষেক শৰ্মাই ইনিংছ মুকলি কৰিবলৈ আহি বিস্ফোৰক আৰম্ভণি কৰে যদিও দলীয় স্ক’ৰ ২০ ৰানত অভিষেকৰ ৰূপত ভাৰতে প্ৰথমটো উইকেট হেৰুৱায়। অভিষেকে মাত্র ৯ ৰান কৰি নিজৰ উইকেট হেৰুৱাই।
ইফালে, ছুপাৰ ৮ৰ অন্তিমখন মেচৰ জয়ৰ নায়ক সঞ্জুৱে দুর্দান্ত ইনিংছ খেলি ঘৰুৱা দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়। সঞ্জুৱে ৪২টা বলত ৮টা চাৰি আৰু ৭টা ছয়েৰে ৮৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। আউট হোৱাৰ পূৰ্বে অ’পেনাৰগৰাকীয়ে ঈশান কিশানৰ সৈতে দ্বিতীয় উইকেটত ৯৭, শিৱম ডুবেৰ সৈতে তৃতীয় উইকেটত ৪৩ ৰান সংগ্ৰহ কৰে। ঈশানে ১৮টা বলত ৩৯ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে ডুবেই ২৫টা বলত ৪৩ ৰানৰ দুর্দান্ত ইনিংছ খেলে। ইফালে, অধিনায়ক সূর্যকুমাৰ যাদৱে ১১ ৰান কৰি বিদায় লয় যদিও হার্দিক পাণ্ডিয়াই ১২টা বলত ২৭ আৰু তিলক বর্মাই ৭টা বলত ২১ ৰান কৰি দলটোক চালকৰ আসনত উপৱিষ্ট কৰায়। ইংলেণ্ডৰ হৈ উইল জেকছ আৰু আদিল ৰছিদ উভয়ে সর্বাধিক দুটাকৈ উইকেট লয়।মেচখনত ছেমছনে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷ খিতাপ জয়ৰ লক্ষ্যৰে সমুখ সমৰত অৱতীৰ্ণ হ’ব ভাৰত আৰু নিউজীলেণ্ড ৷