নাৰী তুমি অনন্যা
উৰিশ্মা নাথ
স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিক
ছিপাঝাৰ মহাবিদ্যালয়
অসমীয়া বিভাগ
নাৰী তুমি অনন্যা
ৰজনী জোনাকী তুমি,
পুৱাৰ ৰ’দালি তুমি,
দধীচিৰ দৰে আত্মবলিদান দিয়া
তুমি জয়-পৰাজয়ৰ যুদ্ধত,
কেঁকোৰাৰ দৰে নিজকে নিঃশেষ কৰা
তুমি পুত্ৰৰ প্ৰতি থকা মৰম-স্নেহত।
মোৰ লখিমী, মোৰ নিৰ্ভয়তা তুমি,
তুমি অবিহনে মই যেন উদং।
বৰষুণ দিলে জাপি তুমি,
ৰ’দ দিলে ছায়া তুমি,
দৰ্শনেন্দ্ৰিয় চালেই বুজি পোৱা তুমি,
সুখত আছোঁ নে দুখত আছোঁ!
এই জীৱনী এই পৰাণ,
তোমাৰ মহান দান।
তুমি ধৈৰ্যৰ প্ৰতীক আৰু
সাহসৰ অফুৰন্ত ভাণ্ডাৰ,
অলংকাৰ তুমি মানৱীয়তাৰ।
কাৰোবাৰ মাতৃ, কাৰোবাৰ বাই-ভনী,
কোনোবাজনৰ আকৌ
মমতাময়ী তৃষ্ণাৰ ক্ষুধা তুমি।
তুমিয়েই সৃষ্টি আৰু ধ্বংসৰ অমৰ জ্যোতি।
ক’বলৈ গ’লে তোমাৰ মহিমা অপাৰ
তোমাৰ বাবেই ধৰণীখন ধুনীয়া ইমান।
লিখি কাহানিও শেষ কৰিব নোৱাৰা
তোমাৰ মৰমৰ কথা…
নাৰী তুমি যে অনন্যা,
বিশ্ববিজয়িনী তুমি ত্ৰিভুৱনৰ।
