লিমাৰিক
মালবিকা দেৱী
(১)
কলীয়া গোঁসাই থানত পাতিছে মেলা,
চাবলৈ গলো আগতে দেখা নাই মেলা।
বাণিজ্য মেলা বহিছে,
মানুহো বহুত হৈছে।
বাইদেউ সৈতে চালো ফাকুৱাৰ মেলা।
(২)
কলীয়া গোঁসাই থানৰ মেলালৈ গলো,
ফাকুৱা মেলাত গৈ আমি চাৰ্কাছ চালোঁ।
বস্তুবোৰ চৰা দাম,
শুনি বোলো ৰাম ৰাম।
জেলেপি চাওচা খাই ঘৰলৈ আহিলো।
