মাজুলীৰ আদৰ্শ বৰবাৰী গাঁৱত অখণ্ড ভাগৱত পাঠ আৰম্ভ : ভাগৱত শোভাযাত্ৰাত অংশ ল’লে অগনন ৰাইজে:
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ আদৰ্শ বৰবাৰী গাঁৱত গাঁও উন্নয়ন সমিতিৰ সৌজন্যত আজিৰ পৰা তিনিদিনীয়া ভাগৱত পাঠ আৰম্ভ হৈছে। আদৰ্শ বৰবাৰী গাঁৱৰ নামঘৰত আজি পুৱা ঊষা কীৰ্তন পৰিৱেশনৰে উক্ত আধ্যাত্মিক অনুষ্ঠান শুভাৰম্ভ কৰা হয়। গাঁও খনত প্ৰতি ঘৰতে উক্ত,ভাগৱত পাঠ উপলক্ষে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে।

আজি পুৱা গাঁৱৰ ৰাইজে ঊষা কীৰ্তন, সামূহিক চাফাইৰ পাছত এক বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত , গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী তথা প্ৰকৃতি প্ৰেমী অতুল চন্দ্ৰ হাজৰিকাই । উক্ত , অনুষ্ঠানত গাঁৱৰ যুৱ সমাজকৰ্মী প্ৰণৱ ভূঞাই যোগান ধৰা কুৰিটা মেহগনি গছপুলি ৰোপণ কৰা হয়। তাৰপিছত ধৰ্মধ্বজ উত্তোলন কৰে আদৰ্শ বৰবাৰী গাঁৱৰ উন্নয়ন সমিতিৰ সভাপতি অনিল শইকীয়াই।

স্মৃতি তৰ্পণ কৰে পুতুল শইকীয়াই । পুৱা ন’ বজাত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ভাগৱত শোভাযাত্ৰা কৰা হয়। মূল নামঘৰৰ পৰা আৰম্ভ হোৱা উক্ত ,ভাগৱত শোভাযাত্ৰাত অগনন ভক্তই অংশগ্ৰহণ কৰি নাম কীৰ্তন পৰিৱেশন কৰে। সমগ্ৰ গাঁওখনত উক্ত ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। তাৰপিছত বন্তি প্ৰজ্বলন আৰু বেদীত ভাগৱত প্ৰতিষ্ঠা কৰা হয়। দুপৰীয়া হেমচন্দ্ৰ ভূঞাৰ পৰিচালনাৰে নাম প্ৰসংগৰ পাছতে ভাগৱত পাঠৰ শুভাৰম্ভ কৰা হয়।

মূল পাঠক হিচাপে গোপাল ভূঞাই অংশগ্ৰহণ কৰে । তাৰপিছত ৰাতিলৈকে ভাগৱত পাঠ কৰা হয়। উক্ত, অখণ্ড ভাগৱত পাঠ অনুষ্ঠান উপলক্ষে কাইলৈ অখণ্ড ভাগৱত পাঠৰ সমগ্ৰ দিন ৰাতি চলিব। মঙ্গলবাৰে বিয়লি অখণ্ড ভাগৱত পাঠৰ সামৰণী অনুষ্ঠান আৰু বেদী বিসৰ্জন দিয়া হ’ব। সেইদিনা সন্ধিয়া বৰবাৰী গাঁৱৰ যুৱকসকলে ” শ্ৰী শ্ৰী ভগৱত দৰ্শন,” ভাওনা প্ৰদৰ্শন কৰা কৰিব।
