লোহিত খাবলু গাঁও পঞ্চায়তৰ পঞ্চায়ত কাৰ্যালয়ৰ আদৰণী তোৰণ উদ্বোধন

লোহিত খাবলু গাঁও পঞ্চায়তৰ পঞ্চায়ত কাৰ্যালয়ৰ আদৰণী তোৰণ উদ্বোধন ; তিনিখন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ: 

বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলাৰ লোহিত খাবলু গাঁও পঞ্চায়তৰ মূল পঞ্চায়তৰ কাৰ্যালয়ত নিৰ্মাণ কৰা নৱ নিৰ্মিত আদৰণী তোৰণখন আজি উদ্বোধন কৰা হয়। লোহিত খাৱলু গাঁও পঞ্চায়তৰ বেংক পেনেল ইনটাৰেষ্ট ফান্দৰ (Bank penel Interest fund )ৰ পুঁজিৰে নিৰ্মাণ কৰা উক্ত পঞ্চায়ত মূল আদৰণী তোৰণখন আজি লোহিত খাবলু গাঁও পঞ্চায়তৰ সভানেত্ৰী পল্লৱী ৰেগন নৰহে ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। গাঁও পঞ্চায়তৰ সচিব পুষ্প তামুলীয়ে আঁত ধৰা উক্ত অনুষ্ঠানত কেইবাজনো স্থানীয় সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে অসম চৰকাৰৰ পঞ্চদশ বিত্তীয় বৰ্ষ ২০২৪-২০২৫ বৰ্ষৰ আৱন্টিত পুঁজিৰে কাৰ্ক দলে মধ্য ইংৰাজী বিদ্যালয়ৰ মেৰামতি, লোহিত খাবলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাজহুৱা শৌচাগাৰ, বালিগাঁৱৰ শিশু জিৰণি গৃহ নিৰ্মাণ শুভাৰম্ভ কৰা হয়।  আজি দুপৰীয়া লোহিত খাবলু গাঁও পঞ্চায়তৰ উন্নয়নমূলক উক্ত আঁচনি সমুহ শুভ উদ্বোধনী কৰে পঞ্চায়ত সভানেত্ৰী পল্লৱী ৰেগন নৰহে।‌ আটাইকেইটা উদ্বোধনী অনুষ্ঠানত পঞ্চায়ত সচিব পুষ্প তামুলী, ভাৰতীয় জনতা পাৰ্টিৰ মাজুলী জিলা সমিতিৰ বিজেপি কাৰ্যনিৰ্বাহ সদস্য  অজয় মৰাং, নামনি মণ্ডলৰ সম্পাদক  মালপানী মিলি, অনুসূচিত জনজাতিৰ মৰ্চা মাজুলী জিলা সমিতিৰ সম্পাদক গোপীনাথ দাস, পঞ্চায়ত উপ-সভাপতি মটুৰা দলে, উজনি লোহিত খাৱলু বিজেপি দলৰ শক্তি প্ৰমুখ নন্দ কিশোৰ দলে, ১ নং বৰালীমৰা ৱাৰ্ডৰ সদস্যা শুনচে পেগু, ৩ নং পাথৰিচুক ৱাৰ্ডৰ  সদস্য ফিৰোজ পায়েং, ৫ নং উত্তৰ দাম্বুকীয়াল ৱাৰ্ড সদস্য অনিল মিলি, ৬ নং কুলামুৱা ৱাৰ্ড সদস্যা মন জ্যোতি পেগু দলে, ৮ নং ৱাৰ্ড গড়মূৰ নগৰ গাঁও সদস্য দাদু দাস,১০ নং ৱাৰ্ড লিগিৰামূখ চানং সদস্যা বিকেশ্বৰী দলেৰ লগতে উপস্থিত থাকে পঞ্চায়ত সমিতিৰ কাৰ্যকৰ্তা সকলে অংশগ্ৰহণ কৰে। তিনিওখন উন্নয়ন মূলক আঁচনিৰ শুভাৰম্ভ কৰি পঞ্চায়ত সভানেত্ৰী পল্লৱী ৰেগন নৰহে সঠিক প্ৰাককলন অনুসৰি, উচ্চ মানদণ্ডৰে, নিৰ্দিষ্ট সময়ত নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণ প্ৰতিষ্ঠানসমূহৰ প্ৰতি আহ্বান জনায়।