মেলাৰ অতীত আৰু বৰ্তমান – আয়শা ছিদ্দিকা

Pc Exam Preparation Static GK

 মেলাৰ অতীত আৰু বৰ্তমান 

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

অসমৰ সাতামপুৰুষীয়া সমন্বয় আৰু প্ৰাক-ঐতিহাসিক অৰ্থনীতিৰ এক জীৱন্ত দলিল হৈছে ঐতিহাসিক জোনবিল মেলা। মৰিগাঁও জিলাৰ জাগীৰোডৰ সমীপৰ জোনবিলৰ পাৰত মাঘ বিহুৰ পৰৱৰ্তী সপ্তাহত অনুষ্ঠিত হোৱা এই মেলাখন সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ উপৰিও পাহাৰ আৰু ভৈয়ামৰ মাজত থকা সুগভীৰ সম্প্ৰীতিৰ এক অনন্য মহোৎসৱ। আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত আৰম্ভ হোৱা এই মেলাই আজিও পাঁচশ বছৰীয়া ইতিহাস বুকুত সাবটি বৰ্ণিল ৰূপত জিলিকি আছে।

বৰ্তমান মৰিগাঁও জিলাৰ দক্ষিণ-পশ্চিম অঞ্চল আৰু জাগীৰোডৰ পৰা চাৰি কিল’মিটাৰ উত্তৰে এসময়ত গোভা ৰাজ্যৰ অৱস্থিতি আছিল৷ সেই প্ৰাচীন গোভা ৰাজ্যই ইতিহাসপ্ৰসিদ্ধ জোনবিল মেলাৰ স্থান৷ গোভা ৰজাই প্ৰচলন কৰা দেওৰজাৰ ৰাজ-দৰবাৰৰ সিদ্ধান্ত অনুসৰি অতীজৰে পৰা চিৰাচৰিত প্ৰথাৰে জোনবিল নামৰ বিলৰ পাৰৰ মুকলি পথাৰত তিনিদিন জোৰা জোনবিল মেলা প্ৰতি বছৰে বছৰে অনুষ্ঠিত হৈ আহিছে৷ এই মেলাই অসমত বসবাস কৰা কিৰাত-মংগোলীয় গোষ্ঠীৰ অন্যতম আদিবাসী পাহাৰীয়া নৈপৰীয়া তিৱা(লালুং)সকলৰ সংস্কৃতিৰ এক ঐতিহাসিক প্ৰতীক বহন কৰে৷

জোনবিল মেলাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু বিৰল বৈশিষ্ট্য হৈছে ইয়াৰ ‘বিনিময় প্ৰথা’। যিটো সময়ত সমগ্ৰ বিশ্বই আধুনিক মুদ্ৰা ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি চলিছে, তেনে সময়তো জোনবিলৰ পাৰত আদিম যুগৰ দৰে সামগ্ৰীৰ সলনি সামগ্ৰী লোৱাৰ পৰম্পৰা আজিও জীয়াই আছে। পাহাৰৰ পৰা নামি অহা তিৱা, কাৰ্বি, খাচিয়া আদি জনগোষ্ঠীৰ লোকসকলে তেওঁলোকে কষ্ট কৰি উৎপাদন কৰা আদা, হালধি, জালুক আৰু বাঁহৰ সামগ্ৰীসমূহ ভৈয়ামৰ লোকৰ মাছ, পিঠা-পনা আৰু জলপানৰ সৈতে সলনি কৰে। এই বিনিময়ত কোনো কৃত্ৰিমতা বা দৰ-দাম নাথাকে, থাকে মাথোঁ শতিকাজোৰা বিশ্বাস আৰু নিস্বাৰ্থ মৰম। এই প্ৰথাই আমাক সোঁৱৰাই দিয়ে যে অৰ্থনৈতিক প্ৰয়োজনতকৈ মানৱীয় সম্পৰ্কৰ মূল্য বহু ওপৰত।

ঐতিহাসিক দৃষ্টিকোণৰ পৰাও এই মেলাৰ গুৰুত্ব অপৰিসীম। জোনবিল মেলা আজিও গোভা ৰজাৰ তত্ত্বাৱধানত পৰম্পৰাগত নীতি-নিয়মেৰে অনুষ্ঠিত হয়। মেলাৰ সময়ত গোভা ৰজাই নিজৰ পাত্ৰ-মন্ত্ৰীসকলৰ সৈতে উপস্থিত থাকি মেলাৰ পৰিচালনাৰ বুজ লয় আৰু ৰাইজৰ পৰা নামমাত্ৰ ‘ৰাজ-কৰ’ সংগ্ৰহ কৰে। এই ব্যৱস্থাই আমাক মধ্যযুগৰ জনগোষ্ঠীয় শাসন প্ৰণালীৰ এক ধাৰণা প্ৰদান কৰে। মেলাৰ আৰম্ভণিতে কৰা সামূহিকভাৱে জোনবিলৰ পৰা মাছ ধৰা আৰু সকলোৱে মিলি একেলগে ভোজ খোৱা কাৰ্যই সমাজত থকা জাতি-ধৰ্মৰ প্ৰভেদ মচি একতাৰ বাৰ্তা প্ৰচাৰ কৰে।

বৰ্তমান সময়ত জোনবিল মেলাৰ ৰূপ আৰু অৱস্থা কিছু পৰিৱৰ্তন হৈছে। আজিৰ যুগৰ আধুনিকতাৰ প্ৰভাৱ মেলাখনত স্পষ্টকৈ পৰিলক্ষিত হয়। এতিয়া মেলাৰ পৰিসৰ বহুত বৃদ্ধি পাইছে আৰু ইয়াক চৰকাৰীভাৱে ‘জাতীয় উৎসৱ’ৰ দৰেই গুৰুত্ব প্ৰদান কৰা হৈছে। চৰকাৰে গোভা ৰজাক ‘ৰাজভাট্টা’ প্ৰদান কৰি আহিছে, যাৰ ফলত এই পৰম্পৰাই এক নতুন স্বীকৃতি লাভ কৰিছে। মেলাখন বৰ্তমান দেশ-বিদেশৰ পৰ্যটক আৰু গৱেষকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। যিটো সময়ত থলুৱা উৎসৱবোৰ হেৰাই যাব ধৰিছে, তেনে সময়ত জোনবিল মেলাই এক বিশ্বজনীন ৰূপ ল’বলৈ সক্ষম হৈছে।

অৱশ্যে, এই আধুনিকতাৰ লগত কিছুমান প্ৰত্যাহ্বানো আহি পৰিছে। বৰ্তমান মেলাৰ মূল আকৰ্ষণ বিনিময় প্ৰথাটো মেলাৰ সমগ্ৰ সময়ছোৱাৰ পৰিবৰ্তে এটা নিৰ্দিষ্ট সময়লৈ সংকুচিত হৈ পৰিছে। আধুনিক ব্যৱসায়িক সামগ্ৰী আৰু যান্ত্ৰিক মনোৰঞ্জনৰ আধিক্যই মেলাখনৰ প্ৰাচীন গাম্ভীৰ্যতা কিছু পৰিমাণে ম্লান কৰা যেন অনুভৱ হয়। তদুপৰি, জনসমাগম বৃদ্ধিৰ ফলত জোনবিলৰ পাৰত হোৱা পৰিৱেশ প্ৰদূষণ এক চিন্তাৰ বিষয় হৈ পৰিছে।

জোনবিল মেলা অসমীয়া সংস্কৃতিৰ এক অমূল্য অলংকাৰ। যি মিলনৰ এক তীৰ্থস্থান। জোনবিল মেলা তিৱা জনজীৱনৰ পুৰণি ঐতিহ্য-পৰম্পৰাভিত্তিক অনুষ্ঠান।যদিও সময়ৰ গতিত মেলাৰ বাহ্যিক ৰূপ সলনি হৈছে, তথাপিও ইয়াৰ অন্তৰ্নিহিত চেতনা অৰ্থাৎ পাহাৰ-ভৈয়ামৰ মানুহৰ মাজত থকা আন্তৰিকতা আজিও একেই আছে। এই সাংস্কৃতিক ঐতিহ্যক সঠিক ৰূপত সংৰক্ষণ কৰাটো আমাৰ জাতীয় কৰ্তব্য, যাতে ভৱিষ্যতৰ যান্ত্ৰিক সমাজখনেও জোনবিলৰ পাৰত বহি মানৱীয়তাৰ পাঠ ল’ব পাৰে৷ অসমৰ আন আন উৎসৱ-পাৰ্বণ-মেলাসমূহৰ দৰে ইয়াৰ পটভূমিতো সাংস্কৃতিক সমলৰ উপৰি থলুৱা ধ্যান-ধাৰণাৰ উপকৰণ আছে৷ ইয়াৰ তুলনামূলক অধ্যয়নে অসমৰ সংস্কৃতিৰ অতি পুৰণি বৈশিষ্ট্যৰে পূৰ্ণ শক্তিশালী ভেটিতো উদ্ধাৰ কৰাত নিশ্চয় ব্যাপকভাৱে সহায়ক হ’ব৷