শ্যামকানু মহন্তলৈ সকাহ আদালতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যা গোচৰৰ আজি গুৰুত্বপূৰ্ণ শুনানি আছিল। আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰ দুটাকৈ গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে জিলা ও সত্ৰ ন্যায়াধীশ আদালতে। শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ প্ৰদান কৰে আদালতে। আদালতে প্ৰকাশ কৰে যে শ্যামকানু মহন্তৰ বেংক একাউণ্ট ফ্ৰীজ কৰাৰ ক্ষেত্ৰত তদন্তকাৰী দলে বিধি মানি চলা নাছিল। অসম আৰক্ষীয়ে BNSSৰ ধাৰা ১০৭ মানি চলা নাছিল।আদালতে অভিযুক্ত শ্যামকানুৰ বেংক একাউণ্ট পুনৰ খুলি দিয়াৰ নিৰ্দেশ জাৰি কৰে। শুনানিৰ সময়ত ছিংগাপুৰৰ কৰ’নাৰ্ছ প্রতিবেদন দাখিল সন্দর্ভতো আলোচনা হয়। আদালতত জনোৱা হয় যে ইতিমধ্যে ছিংগাপুৰৰ বহু গুৰুত্বপূৰ্ণ নথি আৰক্ষীয়ে সংগ্ৰহ কৰি অভিযোগনামাৰ সৈতে সংযুক্ত কৰিছে। কিন্তু আদালতে স্পষ্ট কৰি কয় যে BNSS আইনৰ অধীনত ছিংগাপুৰৰ পৰা নথি আনিবলৈ আদালতৰ নিজস্ব ক্ষমতা নাই। এই ক্ষেত্রত প্রয়োজন হ’লে ভাৰত চৰকাৰে আনুষ্ঠানিক আবেদন কৰিব পাৰে বুলিও আদালতে উল্লেখ কৰে। ইফালে, সিদ্ধাৰ্থৰ মহাবীৰ একুৱা সন্দৰ্ভত আগন্তুক ১৯ মার্চত পৃথক শুনানি অনুষ্ঠিত হ’ব। একে দিনাই জুবিন গাৰ্গ হত্যা গোচৰৰো পৰৱৰ্তী শুনানি নিৰ্ধাৰণ কৰা হৈছে। এছআইটিয়ে ১২ ডিচেম্বৰত জুবিন গাৰ্গ হত্যাৰ অভিযোগনামা দাখিল কৰিছিল।ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ সময়তে ১৯ ছেপ্টেম্বৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নর্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা অসম আৰক্ষীৰ তদানীন্তন DSP সন্দীপন গার্গ, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল৷ইফালে সিদ্ধাৰ্থ শর্মাৰ বিৰুদ্ধে BNSৰ ৩(৬)(৭)(৮), ৬১(২) (অপৰাধমূলক ষড়যন্ত্ৰ), ১০৩(১) (হত্যা), বিত্তীয় খেলিমেলিৰ বাবে BNSৰ ৩১৬(৫) ধাৰা লগোৱা হৈছে। শ্যামকানু মহন্তৰ বিৰুদ্ধে BNSৰ ৩০৮(২), ৩১৮(৪), ২৩৮, ৩(৬)(৭)(৮), ৬১(২), ১০৩ ধাৰা লগোৱা হৈছে। শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে ৩(৬)(৭)(৮), ৬১(২), ১০৩, ৩১৬(৫) ধাৰা আৰোপ কৰা হৈছে। অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে ৩(৬)(৭)(৮), ৬১(২), ১০৩, ২৩৮ ধাৰা আৰোপ কৰা হৈছে। জুবিন হত্যাৰ গোচৰ তদন্ত কৰি নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে ৬১(২), ৩১৬(৫) ধাৰা আৰোপ কৰা হৈছিল আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধেও অনুৰূপ ৬১(২), ৩১৬(৫) ধাৰা আৰোপ কৰা হৈছে।
