বিষাক্ত প্ৰেম – দ্বীপজ্যোতি দাস

বিষাক্ত প্ৰেম

দ্বীপজ্যোতি দাস(ধন দ্বীপ)
সোণাপুৰ

আশাৰ ৰেঙনি হৈ
বেকাকৈ ওলাল আবেলিৰ বেলি
সন্ধিয়াৰ আগমন
হঠাৎ খবৰ আহিল
সেউতী নাই ঘৰত
প্ৰেমৰ বিষাদ উন্মদনা
গছৰ ওপৰত এটি মৃত দেহ
প্ৰতাৰণা প্ৰেমে শেষ কৰিলে।
সময়ে নিবিচাৰে বেয়া হোৱাটো
নিশাও পাৰ হওঁ হওঁ
মৃত দেহ শেতা পৰি গল
দুবৰি ঘাঁহৰ ওপৰত,
নিয়ৰৰ টোপালে জীপাল কৰিলে
ইফালে ফেঁচাৰ কুৰুলী
মাজে মাজে কুকুৰৰ বিননি
সেউতী নাই আজি
কুকুৰাৰ ডাকত,চৰাইৰ শব্দত
চুবুৰীয়া সাৰ পালে
চোতালত সমাজৰ মানুহৰ অহা যোৱা
মৃত দেহটো শ্মশানলৈ নিব লাগে
আত্মীয়ই চিঞৰি চিঞৰি কান্দিছে
সেউতী তুমি ক’ত?
উভতি আহা.…
মাকে পিৰালিৰ পৰা বিনাই প্ৰশ্ন কৰিছে
দুদিনৰ ভালপোৱাই যদি সঁচা আছিল
মোৰ আজি ১৮ বছৰ ভালপোৱা
মিছা আছিল নেকি?