অসম অসামৰিক পৰীক্ষাত স্থান লাভ কৰা শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সুস্মিতা গগৈক সম্বৰ্ধনা

অসম অসামৰিক পৰীক্ষাত স্থান লাভ কৰা শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সুস্মিতা গগৈক সম্বৰ্ধনা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ অন্যতম আগশাৰীৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সুস্মিতা গগৈয়ে সদ্য ঘোষিত অসম অসামৰিক পৰীক্ষাত সফলতা লাভ কৰে। তেওঁৰ এই সফলতাত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা তথা পৰিচালনা সমিতিয়ে আনন্দ প্ৰকাশ কৰা লগতে পৰিচালনা সমিতিৰ সভাপতি হলিৰাম ফুকনৰ সভাপতিত্বত এখন বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈয়ে আঁত ধৰা অনুষ্ঠানটোত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতি অসমৰ সভাপতি ল’ নাথ চৌখাম,পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি হিৰণ্য সেনাপতি, সদস্য উদয় শংকৰ মহন, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমী শৈক্ষিক মুৰব্বী যাদৱ গগৈ, মাধুৰ্য বৰুৱাকে আদি কৰি অধ্যাপক অধ্যাপিকাসকল উপস্থিত থাকি কৃতিমান সুস্মিতা গগৈক বিশেষ ভাবে অভিনন্দন আৰু শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়।অনুষ্ঠানটোত সুস্মিতা গগৈয়ে কিদৰে অধ্যয়ন কৰিছিল,মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে ছাত্ৰ ছাত্ৰী তথা তেখেতে লাভ কৰা শিক্ষাই কিদৰে আজিৰ পৰ্য্যায়ত উপনীত কৰিলে লগতে সকলো সময়তে উৎসাহ আৰু প্ৰেৰণা যোগালে সেই বিষয়ে মনৰ ভাব ব্যক্ত কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈয়ে ভাষণ প্ৰসংগত আশা প্ৰকাশ কৰি কয় যে মহাবিদ্যালয়খনৰ পৰা যেন আৰু ভৱিষ্যতে ভাল ভাল ছাত্ৰ ছাত্ৰীক উচ্চ পদবীত অধিষ্ঠিত কৰিব পাৰি তাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হব।মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক প্ৰণাম প্ৰভু বৰুৱা,সঞ্জয় দাকুৱা, মনমিতা শৰ্মা,নেত্ৰকমল মহন্তই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। অনুষ্ঠানটোত সুস্মিতা গগৈৰ পিতৃ, বিশিষ্ট বিহুৱা তথা সাংস্কৃতিক কৰ্মী বসন্ত গগৈয়ে নিজ কন্যাৰ সফলতাৰ বাবে মহাবিদ্যালয়ৰ লগতে নিজৰ অধ্যৱসায়ৰ কথা উল্লেখ কৰি সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰাক্তন ছাত্ৰী সুস্মিতা গগৈক মহাবিদ্যাল়খনৰ তৰফৰ পৰা অভিনন্দন পত্ৰ, ফুলাম গামোচা জাপি,এটি স্মাৰক আৰু উপহাৰ প্ৰদান কৰে।