ফাগুন ভাল নোপোৱা ছোৱালী – জুনুকা পাঠক

Pc সমলয়

 ফাগুন ভাল নোপোৱা ছোৱালী

জুনুকা পাঠক
বৰপেটা

ফাগুনে হাত বঢ়াইছে
বেয়া  পাওঁ বুলিয়েইটো বেয়া পাব নোৱাৰি
 যাবগৈ শীত হেনো
শুকান বালিত সাচি থৈ
ফাগুন ভাল নোপোৱা ছোৱালী  তাই
 তাইৰটো  কথা নাছিল  সৰাপাতত
শ্মশানৰ কবিতা  লিখা
অথচ তাই আছিল   ডাল -পাতৰ প্ৰথম কিনকিনিয়া বৰষুণৰ টোপাল
নিৰ্মম আঘাটত
ভাঙো বুলিও ভাঙিব পৰা নাই   মদৰুৱা  কলিজা
মোহিনী ফাগুন ৰতিক্ৰিয়াৰে আসক্ত
নিৰ্জু সুবলাৰ  হৃদয় টানি ফুৰা
ফাগুন দুৰ্দান্ত প্ৰেমিক নহয় যদি
কি কবা কোৱা….
কত বাৰ আহিল  ফাগুন
সেই বাটতে ,,,,,
ৰং -বিৰংৰ নক্সা  জ্বলি উঠিল,
গণনাৰ হিচাপত বহুত বাৰ ভুল  হ’ল তাইৰ
 কান্দো বুলিলেও কান্দিব নোৱাৰে,
পলাশৰ  ৰঙা নৈখনে বুকুত পাতিছে বাহৰ
যদি হয় নৈখনৰ ভতিয়নি যাত্ৰা,
নহ’বনে  বুকুত  পিৰামিড প্ৰাচীৰ
ফাগুন ভাল  নাপায় ;
অথচ  ; তাই বসন্তৰে  কাহিনী