তুমি ফাগুণ হোৱানা – নিৰ্মালি বৰা হাজৰীকা

Pc Pixabay

তুমি ফাগুণ হোৱানা

নিৰ্মালি বৰা হাজৰীকা, নগাওঁ

তুমি ফাগুণ হোৱানা
চঞ্চল ফাগুণৰ প্ৰিয়জনী
হৈ মই ৰৈ আছোঁ।
প্ৰেমিক ফাগুণ হৈ
উৰুৱাই লৈ যোৱানা চাদৰৰ আচল।
অভিমান বোৰ সামৰি মোৰ গালে-মুখে সানি দিয়ানা
এগাল মান শিমলু ,মদাৰৰ ৰঙা।
  তুমি ফাগুণ হোৱানা
সৰাপাতৰ বুকুত
এখনি ছবি  আঁকা সম্ভৱনাৰ।
মতলীয়া,
উন্মাদ ফাগুণ হৈ দুচকুত সিঁচি দিয়া এমুঠি কৃষ্ণচূঁড়া।
 এজাক ৰোমাণ্টিক
বৰষুণত তিতিবলৈ
তুমি ফাগুণ হোৱানা।
পচোৱাই আউল লগোৱা
মোৰ চুলিটাৰি সযতনে বান্ধি গুজি দিয়া কাঞ্চনমতী।
লঠঙা ডালত উলমি ৰ’ব
বসন্তৰ প্ৰাপ্তিৰ ঠিকণা।
তুমি ফাগুণ হোৱানা
প্ৰেমিক ফাগুণ।
সিঁচি দিয়া নতুনৰ বীজ
দি যোৱা প্ৰতিশ্ৰুতি বসন্তত
সেউজীয়া হৈ অহাৰ।।