খেলো হোলী ৰঙতে ৰাঙলী হৈ – যমুনা দুলু বৈশ্য

Pc Housing

খেলো হোলী ৰঙতে ৰাঙলী হৈ

 যমুনা দুলু বৈশ্য,শুৱালকুছি

 

ৰঙ বোৰ উৰিছে
পলাশৰ ডালে ডালে
এইয়া বসন্তৰ বেলা
স্নিগ্ধ জোনাক ৰাতি
বাউলী ৰাধাই বিচাৰি ফুৰে
কদমৰ তলে তলে কানাইক ।

প্ৰাণৰ হোলী আহিছে
ৰঙতে ৰাঙলী হৈ
মনৰ কলীয়া ডাৱৰ বোৰ যাব গুচি
প্ৰেমৰ আবিৰ সানিব অঙ্গে অঙ্গে
পলাশ মদাৰ শিমলুৰ ৰঙে
ফাগুন ফাগুন বুলি
ৰঙেৰে উপচাই ৰং চটিয়াব ।

ভৰা পূৰ্ণিমাৰ জোনাকৰ পোহৰত
আনন্দমনে গোপ-গোপীৰ সঙ্গে
ফল্গোৎসৱৰ ভক্তি ৰসত প্ৰীতিৰ
এনাজৰীৰে কৃপাময় কানাইৰ দৰ্শন পাব
ভকত বৈষ্ণৱৰ হৃদয়ে হৃদয়ে
হৰিনামৰ ধ্বনিত উজ্জ্বলি উঠিব
শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা ।