চহা শিল্প– ‌ জয়ন্ত শৰ্মা

চহা শিল্প
০০
পাহোৱাল খেতিয়কৰ দুভৰিত প্ৰত্যয়পূৰ্ণ চঞ্চল গতি,
দুবাহুত সোণোৱালী শইচ সম্ভাৱনাৰ মেতমৰা ভাৰ ।

ভূমিক সাৱতি হৰষিত হয় সৃষ্টিৰ প্ৰাচীন সন্তান,
ৰুই থৈ অহা কঠীয়া মুঠিয়ে বোকাক সাৱতি ধৰে,
আঁকোৰগোজ – মৰণপণ
পাবলৈ সেউজীয়া, ভৰুন,
সোণোৱালী বিস্তৃতি ।

সৰল মনেৰে বহাগ মাতিলে
আপোন সুখেৰে বৰটি টানিলে
সবল শৰীৰে শইচ চপালে
বুকুত ঢোলৰ ৰগৰ বাজিলে ।

বহাগ ধোৱা বৰষুণত সিক্ত
আদিম ফুৰফুৰিয়া গোন্ধ,
খদমদম চঞ্চল আতিল দেহ,
পিৰপিৰনিয়ে পিয়াপি দিয়ে সম্ভাৱনাৰ
সৃষ্টিৰ তাড়না — অবিৰত ।

শইচ সোণোৱালী ভৱিষ্যতৰ আখৰাত
পকা ধানৰ আমোলমোল,
এলাগি নৰায়ো উৰ্বৰতা সিঁচে পথাৰত ।
লেচেৰীৰ বাৰ ৰহণ আৰু ডাঙৰীৰ চপ চপ শব্দত
ওফন্দি উঠে শইচ সম্ভাৱনী জীৱন ।
সোণগুটিক সাৱতাৰ পুৰাতন হেঁপাহ ,
দুৰ্বাৰ গতিত ছন্দায়িত উৰ্বৰ জীৱন ।
আকৰ্ষণ, কৰ্ষণ, ছন্দিত বন্দিত বিশাল সবাহ ,
য’তিহীন সংগোপন সৰল প্ৰবাহ ।
পুনৰ বহাগ আহে —-
মাছৰ উজান, ঢোলৰ চাপৰ, পেঁপাৰ লহৰ বাজে ।

০০০০০০০০০০
‌ জয়ন্ত শৰ্মা