জোনৰ জোনাক
ৰূপালী গগৈ চুতীয়া,ডিব্ৰুগড়
জোনক ভালপোৱা নে
জোনাকক ?
পোহৰক বিচৰানে
আন্ধাৰক ?
তোমাৰ দুচকুৱে
আজিও কবিতা লিখে
গছৰ পাতৰ আঁৰত
জোনাকৰ পোহৰত।
সেউজ বোৰক আকৰ্ষণ কৰা নে
সেউজীয়া বোৰক ?
গছক পূজা কৰা নে
তোমাৰ উশাহক?
প্ৰেমৰ পিয়লাত
চুমুক দিয়াৰ পাছত
নীলাবোৰে হাঁহে আকাশত
নদীৰ নিৰ্মল উৰি যোৱা বতাহক ।
সময়ক ভয় কৰা নে
অজুহাতক?
প্ৰতাৰণাক আকোৱালি লোৱা নে
বিশ্বাসক?
পুৰণিৰ মূল্য সাগৰে বুজে
ইদিনাতকৈ সিদিনা যেতিয়া
গভীৰতাবোৰ বেছি গভীৰ হৈ পৰে
গভীৰ হৈ পৰে।
