তোমাৰ নাম
মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি
নাহৰৰ সৰু সৰু কোমল
কলিত
তোমাৰ নাম লিখিছোঁ৷
ফাগুনৰ সৰাপাতত
মোৰ ঠিকনা
ৰাখিছোঁ৷
বসন্তই গৰকা পদূলিমুখত
তোমাৰ নামেৰে
এফাঁকি
বিহুনাম ৰচিছোঁ৷
মদাৰৰ কুঁহিপাতত
মই মোক অংকন কৰিছোঁ৷
তোমাৰ নাম
মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি
নাহৰৰ সৰু সৰু কোমল
কলিত
তোমাৰ নাম লিখিছোঁ৷
ফাগুনৰ সৰাপাতত
মোৰ ঠিকনা
ৰাখিছোঁ৷
বসন্তই গৰকা পদূলিমুখত
তোমাৰ নামেৰে
এফাঁকি
বিহুনাম ৰচিছোঁ৷
মদাৰৰ কুঁহিপাতত
মই মোক অংকন কৰিছোঁ৷