বিশিষ্ট ব্যক্তি সকলৰ নাম সংক্ষিপ্ত কৰা উচিতনে
নিবেদিতা হাজৰিকা, লখিমপুৰ
বিশিষ্ট ব্যক্তি( Eminent Person) হৈছে সমাজ বা নিজ কৰ্মক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই চৰ্চিত আৰু সন্মানিত হোৱা লোক। তেনে ব্যক্তি নিজৰ গুণাৱলী ,মেধা আৰু উন্নত চৰিত্ৰৰ বাবে সাধাৰণ লোকৰ পৰা পৃথক আৰু সমাজৰ বাবে আদৰ্শনীয় হয়।এনে ব্যক্তিৰ কৰ্মৰাজি তথা আচৰণে সমাজক প্ৰভাৱিত কৰে আৰু তেনে ব্যক্তি সৰ্বজনবিদিত।উল্লেখ্য যে, বিশিষ্ট ব্যক্তিৰ অৱদান ,ত্যাগ আৰু স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ লগতে সমাজলৈ তেওঁলোকে আগবঢ়োৱা অৱদানৰ বিষয়ে জনাবৰ বাবে ৰাস্তা-ঘাট ,বিদ্যালয় , মহাবিদ্যালয়,বিশ্ববিদ্যালয় ,তোৰণ বা মঞ্চৰ নামকৰণ সেই বিশেষ ব্যক্তি জনৰ নামত কৰা হয়।ইয়াৰ জৰিয়তে স্থানীয় তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰভাৱশালী ,মহান ব্যক্তিৰ কৰ্মৰাজিক সন্মান জনোৱা হয় আৰু নতুন প্ৰজন্মক তেখেত সকলৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট, অনুপ্ৰাণিত হ’বলৈ হ’বলৈ উৎসাহিত কৰা হয়,তেনে লোকৰ পথ অনুকৰণ আৰু অনুসৰণ কৰিবলৈ অনুপ্ৰেৰণা , উৎসাহিত কৰা হয়।দেশ বা সমাজৰ বাবে কাম কৰা ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ ই এক উত্তম উপায়।ই সমাজত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰে,যিয়ে নতুন প্ৰজন্মক জ্ঞান তথা সমাজ সেৱাৰ প্ৰতি আগ্ৰহী কৰি তোলে।কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায় বিভিন্ন স্থানত জিলিকি থকা এই মহান, বিশিষ্ট ব্যক্তি সকলৰ যি সম্পূৰ্ণ নাম সেই বিষয়ে নাজানে বা জনাৰ প্ৰয়োজনীয়তাও অনুভৱ নকৰে। আন নহ’লেও তেওঁলোকে সংক্ষিপ্ত ভাবে লিখি ৰখা নামটো সম্পূৰ্ণ কৈ জনা উচিত, যি তেওঁলোকৰ জ্ঞানৰ পৰিধি বৃদ্ধি কৰাত সহায়ক হোৱাৰ লগতে তেখেত সকলৰ অৱদান,ত্যাগ আদিৰ বিষয়ে জানিবলৈ সক্ষম হ’ব।অন্যথা, বিশিষ্ট ব্যক্তি সকলৰ নাম সমূহ নজনাকৈয়ে থাকি যাব। এই ক্ষেত্ৰত সকলোৱে তেওঁলোকক সহায় -সহযোগ আগবঢ়োৱা উচিত। স্থানীয় ৰাস্তা-ঘাট,শিক্ষানুষ্ঠান আদিৰ নাম সমূহ যি সকল ব্যক্তিৰ নামত উচৰ্গা কৰা হৈছে সেই সকলৰ সম্পূৰ্ণ নামটোৰ লগত অন্তঃত পৰিচয় কৰাই দিয়া উচিত আৰু বিশিষ্ট ব্যক্তি (যাৰ নামত উচৰ্গা কৰা হৈছে) তেখেতৰ নামটো সম্পূৰ্ণ কৈ লিখাৰ ব্যৱস্থা কৰা উচিত। আন নহ’লেও নৱ প্ৰজন্মৰ লাভালাভৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰা উচিত।
