জন্ম – প্ৰভাত বণিয়া

Pc Pexels

জন্ম

প্ৰভাত বণিয়া

সূৰ্যটো নামি আহিল
নিৰ্জন ফুলনি শুৱাই ফুলিল
এপাহ সুগন্ধি ফুল তেজ ৰঙা
নভবাকৈ হঠাৎ লগ পালো তোমাক

জোনৰ দৰে তৰাৰ দৰে
পোহৰালা জীৱনৰ খলাবমা পথ
পুন: উজ্জীৱিত হলো মই
নৱ নৱ চেতনাৰে উদ্বুদ্ধ গাম জীৱন জীনাৰ গান
আজি মুকলি হ’ব আমাৰ‌ প্ৰেমৰ
বাখৰুৱা‌ ঘৰ।