বিৰোধীৰ মিত্ৰজোঁটৰ পৰা বাহিৰ অখিল গগৈৰ ৰাইজৰ দল
ৰঙিলী বাৰ্ত্তাসেৱা- বিৰোধী মিত্রজোটৰ পৰা বাহিৰ হ’ল অখিল গগৈৰ দল। আসন বুজাবুজিৰ লক্ষ্যৰে নতুন দিল্লীৰ ইন্দিৰা ভৱনত অনুষ্ঠিত হৈ থকা স্ক্রীনিং কমিটীৰ বৈঠকত ৰাইজৰ দলক আঁতৰাই ৰাখি প্রদেশ কংগ্ৰেছে অসম জাতীয় পৰিষদ, বাঁওপন্থী দল আৰু জন ইংতি কাথাৰৰ এপিএইচএলচিৰ লগত চূড়ান্ত কৰিলে আসন বুজাবুজি। বিগত দীর্ঘ সময় ধৰি আসন বুজাবুজিক লৈ সর্বাধিক সৰৱ হৈ থকা তথা কংগ্ৰেছৰ সৈতে আলোচনাৰ দাবী কৰি থকা অখিল গগৈক বিৰোধী মিত্রজোটৰ পৰা আঁতৰাই ৰখা ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়াৰ। আগন্তুক নির্বাচনত ১৫খন আসনত বুজাবুজিৰ বাবে বিধায়ক অখিল গগৈয়ে দিয়া প্রস্তাবক বিভিন্ন সময়ত প্রদেশ কংগ্রেছে উলাই কৰি অহাই নহয়, মিত্ৰতাৰ সন্দৰ্ভত বৈঠকত বহিবলৈও সময় দিয়া নাছিল। শেহতীয়াকৈ ৰাইজৰ দলে আসন বুজাবুজিৰ ক্ষেত্ৰত কংগ্রেছক ২৪ ফেব্রুৱাৰীৰ চূড়ান্ত সীমা বান্ধি দিছিল। কিন্তু তাৰ পূর্বেই দিল্লীত অনুষ্ঠিত স্ক্রীনিং কমিটীৰ বৈঠকত ৰাইজৰ দলক বাদ দি আন বিৰোধী দলৰ সৈতে আসন বুজাবুজিৰ প্রক্রিয়া প্রায় চূড়ান্ত কবে। লক্ষণীয়ভাৱে আজি কংগ্ৰেছে লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদ (অজাপ)ক প্রথম অৱস্থাত ১০টা সমষ্টি এৰি দিয়াটো চূড়ান্ত কৰিছে। এই দহটা সমষ্টিৰ ভিতৰত আছে খোৱাং, শদিয়া, ডিব্রুগড়, সৰুপথাৰ, বঢ়মপুৰ, গুৱাহাটী মধ্য, পলাশবাৰী, বজালী আৰু বিন্নাকান্দি। আনহাতে, অজাপই ধেমাজি আৰু মৰিগাঁও সমষ্টি দুটাৰ বাবে তুলি থকা দাবীৰ বাবেও কংগ্রেছে আলোচনা অব্যাহত ৰাখিছে। আনহাতে, জন ইংতি কাথাৰ নেতৃত্বাধীন এপিএইচএলচিক কার্বি আংলঙৰ দুখন আসন এবি দিয়াৰ বিপৰীতে চিপিআই (এম)ক দুখন আসন আৰু চিপিআইক এখন আসন এৰি দিয়াৰ চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিছে কংগ্ৰেছ শীর্ষ নেতৃত্বই। বিৰোধী মিত্রজোটৰ সৈতে এনে বুজাবুজিৰ বিপৰীতে ৰাইজৰ দলক মিত্রজোটৰ পৰা আঁতৰাই ৰখাৰ ঘটনাৰ আঁৰত আছে কংগ্ৰেছৰ একাংশ সংখ্যালঘু বিধায়ক। মুখ্যতঃ নামনি অসমৰ গোৱালপাৰা, ধুবুৰী, দবং, নগাঁও আৰু বৰপেটা জিলাৰ কেইবাজনো সংখ্যালঘু বিধায়কে অখিল গগৈৰে আসন বুজাবুজিৰ চূড়ান্ত বিৰোধিতা কৰি আহিছে। এই বিধায়কসকলৰ অসন্তুষ্টি তথা হেঁচাৰ বাবেই প্রদেশ কংগ্রেছে আসন বুজাবুজিৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰাখিলে ৰাইজৰ দলক। উল্লেখ্য যে আসন বুজাবুজিৰ সন্দৰ্ভত প্রার্থী বাছনিৰ দায়িত্বত থকা কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে নতুন দিল্লীৰ ইন্দিৰা ভৱনত প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ সৈতে এক মাৰাথন বৈঠকত মিলিত হয়। প্রায় ১১ বজাৰ পৰা বিয়লি ৪ বজালৈকে চলা এই বৈঠকত অসমৰ পৰ্যবেক্ষক হিচাপে থকা এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং আৰু তেওঁৰ সহযোগী সম্পাদক বিকাশ উপাধ্যায়, মনোজ চৌহান আৰু পৃথ্বিৰাজ সাথেও উপস্থিত থাকে। লক্ষণীয়ভাবে এই বৈঠকত বিৰোধীৰ কেইবাটাও ৰাজনৈতিক দলৰ সৈতে আসন বুজাবুজি চূড়ান্ত কৰিলেও ৰাইজৰ দলৰ সৈতে আসন বুজাবুজিৰ ক্ষেত্রত কংগ্ৰেছৰ শীর্ষ নেতৃত্বই এতিয়াও চূড়ান্ত সিদ্ধান্ত প্রকাশ কৰা নাই। একে সময়তে প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ সৈতেও প্রয়োজন সাপেক্ষে নির্বাচনী মিত্রতা কৰাৰ দিশ সন্দর্ভতো আলোচনা কৰা হয়। ইউপিপিএলে এনডিএৰ পৰা আঁতৰি আহিলেই কংগ্ৰেছে প্রমোদ বড়োৰ সৈতে আসন বুজাবুজিব ক্ষেত্রত আলোচনা কৰিব বুলিও এইবৈঠকতে এক প্রস্তাব গ্রহণ কৰা হয়। ইফালে, বৈঠকৰ অন্তত প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে উল্লেখ কৰে যে প্রার্থী তালিকা চূড়ান্ত কৰাৰ সন্দৰ্ভত অতি সোনকালে ৰাষ্ট্রীয় সভাপতি মল্লিকার্জুন খার্গে, ছোনিয়া গান্ধী আৰু বাহুল গান্ধীৰ সৈতে আলোচনা কৰা হ’ব। ইফালে, বিৰোধী মিত্রজোটৰ পৰা অখিল গগৈক আঁতৰাই ৰখা ঘটনাক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। আজি সংবাদ মাধ্যমৰ আগত অখিল গগৈৰ স্পষ্ট মন্তব্য- কংগ্ৰেছৰ আসন বুজাবুজিৰ এনে একপক্ষীয় সিদ্ধান্ত কোনো বিৰোধী ৰাজনৈতিক দলে মানি নলয়। ৰাইজৰ দলক আঁতৰাই ৰাখিলে মিত্রজোঁট বিপদত পৰিব বুলি স্পষ্ট কৰি অখিল গগৈয়ে কয়- মিত্রজোটত অন্তর্ভুক্তিৰ বাবে ৰাইজৰ দল এতিয়াও আশাবাদী। কংগ্ৰেছৰ পৰা মাত্র ১৫টা সমষ্টি বিচৰা হৈছে। কিন্তু এইপর্যন্ত কংগ্রেছে কোনো চূড়ান্ত সিদ্ধান্ত জনোৱা নাই। সংবাদ মেলত অখিল গগৈয়ে কয়-দেওবাৰে মোলৈ বিৰোধী ঐক্যৰ এগৰাকী নেতাই ফোন কৰি কৈছে যে ২৪ ফেব্রুৱাৰীত বিৰোধী ঐক্যই আসন বিতৰণ সংবাদ মেলযোগে ৰাজহুৱা কৰিব আৰু তাৰ বাবে নেতাজনক নিমন্ত্রণ জনোৱা হৈছে। বিৰোধী ঐক্যৰ এই নেতাগৰাকীক কংগ্ৰেছ নেতৃত্বই জনাইছে যে ৰাইজৰ দলক আসন এৰি দিয়া নহয় আৰু মিত্রতাও নহ’ব।
