পানীখাইতীত ডাম্পাৰৰ খুন্দাত যুৱকৰ মৃত্যুু

pc The Statesman

পানীখাইতীত ডাম্পাৰৰ খুন্দাত যুৱকৰ মৃত্যুু

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ সমীপৱৰ্তী পানীখাইতীত নিশা তীব্র বেগী ডাম্পাৰৰ খুন্দাত এজন যুৱকে প্রাণ হেৰুওৱাই । এই ঘটনাই সমগ্র অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। নিহত যুৱকজন বসুদেৱ নমঃশূদ্র (৩২) বুলি জানিব পৰা গৈছে। ঘটনাৰ সবিশেষ জানিব পৰা মতে, যুৱকজনে নিশা  নিজ গৃহলৈ খোজ কাঢ়ি আহি আছিল। গৃহ পাবলৈ প্রায় ৩০ মিটাৰ বাকী থকা অৱস্থাত তীব্র বেগী ডাম্পাৰে মহটিয়াই নিয়ে যুৱকজনক। ফলত থিতাতে নিহত হয় যুৱকজন। কোন সময়ত দুর্ঘটনাটো সংঘটিত হৈছে সেই তথ্য উদ্ধাৰ কৰিব পৰা নাই যদিও মাজনিশা টহলদাৰী আৰক্ষীয়ে সেই পথেৰে টহল দি থকা সময়ত পথৰ ওপৰত যুৱকজন পৰি থকা দেখি ততাতৈয়াকৈ যুৱকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ অন্তত পৰিয়ালক হস্তান্তৰ কৰে যুৱকজনৰ মৃতদেহ। ইফালে, দুর্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত তৎপৰ হৈ পৰিছে স্থানীয় আৰক্ষী। স্থানীয় ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি নিশাৰ ভাগত নাৰেংগী-চন্দ্ৰপুৰ পথত মাটি আৰু বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পায়। গুৰ-গোসাঁই নমনাকৈ ডাম্পাৰসমূহ নিয়ন্ত্রণহীন গতিৰে পথটোৰে চলাচল কৰাত ভয়ংকৰ হৈ পৰে সমগ্র পথছোৱা। এনে কোনো ডাম্পাৰে যুৱকজনক মহটিয়াই নিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ইফালে, যুৱকজনৰ মৃতদেহ আহি পোৱাৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত। কিয়নো তিনি বছৰ পূৰ্বে ৰে’লৰ খুন্দাত পিতৃৰ মৃত্যু হোৱাৰ উপৰি ছমাহ পূর্বে মৃত্যু হৈছিল ভাতৃৰ। শেহতীয়াকৈ একমাত্ৰ ভৰসা হৈ থকা পুত্ৰৰ মৃত্যুৰ কথা শুনি বৃদ্ধ মাতৃ চিকিৎসাধীন হ’ব লগা হৈছে। ফলত গভীৰ শোকৰ ছাঁ পৰিছে অঞ্চলটোত।