২৬-২৭ ফেব্ৰুৱাৰীত পুনৰ নগাঁৱত শুনানি হ’ব অভি-নীল হত্যাকাণ্ডৰ গোচৰ

২৬-২৭ ফেব্ৰুৱাৰীত পুনৰ নগাঁৱত শুনানি হ’ব অভি-নীল হত্যাকাণ্ডৰ গোচৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   ৫ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ গুচৰীয়া পক্ষৰ তিনিদিনীয়া যুক্তি তৰ্কৰ পিছত  নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত পুনৰ চূড়ান্ত শুনানি অনুষ্ঠিত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে আদালতত গুচৰীয়া পক্ষৰ হৈ সবল যুক্তি প্রদর্শন কৰে। গুচৰীয়া পক্ষৰ হৈ যুক্তি প্ৰদৰ্শন কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয় যে এই হত্যাকাণ্ডৰ গোচৰৰ পৰিসমাপ্তিৰ দিশে ধাৱমান হৈছে। গোচৰটোৰ ৰায় দানৰ ক্ষেত্ৰত হোৱা পলমৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয় যে মধ্যম পন্থা লোৱা ভাল। শীঘ্ৰে এই গোচৰৰ ৰায়দান হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ মন্তব্য কৰে।  আজি প্ৰচিকিউচনৰ যি আৰ্গুমেণ্ট আৰু তাৰ লগতে ভিক্টিমছ অৰ্থাৎ নীল-অভি দুয়োগৰাকী শোকাকুল পিতৃৰ হৈ আদালতত প্ৰচিকিউচনৰ পূৰ্ণাংগ ৰূপত আৰ্গুমেণ্ট প্ৰক্ৰিয়াৰ পৰিসমাপ্তি ঘটিছে । ইয়াৰ পিছত আদালতে তাৰিখ ধাৰ্য কৰিছে ২৬,২৭ ফেব্ৰুৱাৰী, ২০২৬ । ডিফেন্সৰ হৈ আৰ্গুমেণ্ট আদালতত উত্থাপন কৰিব । তাৰ পিছতে এই গোচৰটো জাজমেণ্টৰ ফালে ধাৱমান হ’ব। উল্লেখ যে এই জঘন্য ঘটনাৰ ৪৫জন অভিযুক্তৰ ভিতৰত ১২জন আছিল স্বাক্ষুস সাক্ষী। ইয়াৰে ৫জনে ঘটনাৰ সত্যতা স্বীকাৰ কৰাৰ বিপৰীতে আন ৭জনে সত্যতা স্বীকাৰ নকৰি গোচৰ প্ৰক্ৰিয়া লেহেমীয়া কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত আদালতে ক্রছ একজামিনেচনৰ নির্দেশো প্রদান কৰিছিল। আদালতে এই গোচৰৰ পুনৰ শুনানিৰ দিন ২৬-২৭ ফেব্ৰুৱাৰীত ধাৰ্য কৰিছে। চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে আদালতত বাদী পক্ষৰ যুক্তি প্রদর্শন কৰে। পুনৰ দুদিনীয়াকৈ হ’ব লগা যুক্তি তৰ্কৰ অন্তত আদালতে বহু প্রতিক্ষীত অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। উল্লেখ যে ২০১৮ চনৰ ৮ জুনত কার্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পানজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংসভাবে হত্যা কৰিছিল গুৱাহাটীৰ দুই প্রকৃতিপ্রেমী যুৱক নিলোৎপল দাস আৰু অভিজিত নাথক। অসংখ্য লোকৰ চকুৰ সম্মুখত সংঘটিত এই হত্যাকাণ্ডই ইতিমধ্যে ৭ বছৰ অতিক্ৰম কৰিছে যদিও আজি পর্যন্ত ভুক্তভোগীৰ পৰিয়াল ন্যায়ৰ আশাত বন্দী হৈ থাকিব লগা হৈছে। দেশ কঁপাই যোৱা অভি-নীল হত্যাকাণ্ডৰ সন্দৰ্ভত কাৰ্বি আংলং জিলাৰ ডকমকা থানাত ৩৩/২০১৮ নম্বৰত এটা গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিত ৪৮জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোক বৰ্তমান কাৰাগাৰত আছে। প্রথম অৱস্থাত ডিফু আদালতত  গোচৰৰ প্ৰক্ৰিয়া চলিছিল যদিও অভি-নীলৰ পৰিয়ালৰ লেখ আবেদনৰ ভিত্তিত নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতলৈ গোচৰটো স্থানান্তৰ কৰা হৈছিল। বর্তমান নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতত গোচৰটোৰ বিচাৰ প্রক্রিয়া চলি আছে। ইফালে সাত বছৰে ন্যায়ৰ বাবে অপেক্ষা কৰা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ অহা এপ্ৰিল মাহৰ ভিতৰত ৰায়দানৰ আশা কৰিছে অভি-নীলৰ দুই পিতৃয়ে ।