নিশা জুবিনক্ষেত্ৰত সুৰাপায়ী যুৱকৰ উদ্ভণ্ডালি

নিশা জুবিনক্ষেত্ৰত সুৰাপায়ী যুৱকৰ উদ্ভণ্ডালি

ৰঙিলী বাৰ্ত্তাসেৱা-সোণাপুৰৰ জুবিনক্ষেত্ৰত দেওবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ কৰে যুৱককেইজনে।  অভিযুক্ত যুৱককেইজনে কেৱল কৰ্তব্যৰত আৰক্ষী জোৱানকেই নহয়, এগৰাকী মহিলা আৰক্ষী কৰ্মীকো শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।জানিব পৰা মতে দেওবাৰে জুবিনক্ষেত্ৰলৈ সুৰাপান কৰি অহা ৩ জন যুৱকে হঠাতে উদ্ভণ্ডালি আৰম্ভ কৰে । তেওঁলোকে ৰাজপথত যান-বাহন আবদ্ধ কৰাৰ ফলত সৰ্বসাধাৰণ ৰাইজ আৰু যাত্ৰীসকল সমস্যাত পৰে । যেতিয়া কৰ্তব্যৰত আৰক্ষীৰ দলে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে, তেতিয়া যুৱককেইজনে অধিক আক্ৰমণাত্মক হৈ পৰে । সুৰামত্ত যুৱকৰ দলটোৱে আৰক্ষী জোৱানসকলক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ  । এগৰাকী মহিলা আৰক্ষীকো অপদস্থ কৰাৰ অভিযোগ কৰিছে । এই অনাকাংক্ষিত পৰিস্থিতিৰ বাবে বহু সময় ধৰি জুবিনক্ষেত্ৰত উত্তেজনাই বিৰাজ কৰে । উল্লেখ্য যে, পূৰ্বেও জুবিনক্ষেত্ৰত একাংশ সুৰামত্ত লোকে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল। জুবিনক্ষেত্ৰত একাংশই সুৰাপান কৰি থকা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। থিক একেদৰে পুনৰ জুবিনক্ষেত্ৰত সুৰামত্ত যুৱকৰ উদ্ভণ্ডালি। অভিযোগ অনুসৰি সুৰাসক্ত যুৱককেইজনে মহিলা আৰক্ষী কনিষ্টবলকে ধৰি যানবাহনৰ আৰক্ষীক অশালীন ব্যৱহাৰ কৰে। আহত বিষ্ণু দৈমাৰী আৰু বিকাশ দৈমাৰী নামৰ দুই জোৱান। ইপিনে সোণাপুৰ আৰক্ষীৰ জালত পৰিছে জুবিনক্ষেত্ৰত উদ্ভাণ্ডালি কৰা এই সুৰাসক্ত যুৱককেইজন। আটক কৰা তিনি যুৱক ক্ৰমে দক্ষিণ শালমাৰাৰ ফুলবাৰী গাঁৱৰ আলম আলী, শুৱালকুছিৰ দুই যুৱক মুকুট দাস আৰু ৰঞ্জন দাস ৷ ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।