পঞ্জাব আৰক্ষীৰ দুই বিষয়াক গুলীয়াই হত্যা

পঞ্জাব আৰক্ষীৰ দুই বিষয়াক গুলীয়াই হত্যা

 ৰঙিলী বাৰ্ত্তাসেৱা– ভাৰত- পাকিস্তান সীমান্তৱতী সেনা চকীৰ ওচৰত দুগৰাকী পুলিচ বিষয়াৰ মৃতদেহ উদ্ধাৰ হয়। পঞ্জাব আৰক্ষীৰ  দুই বিষয়াক গুলীয়াই হত্যা কৰা হৈছে । মৃত বিষয়া দুগৰাকীৰ নাম এএছআইৰ অশোক কুমাৰ আৰু হেড কনিষ্টবল গুৰনাম সিং। পঞ্জাবৰ গুৰুদাসপুৰ জিলাৰ সীমান্তৱতী এলেকাত দেওবাৰে সংঘটিত হৈছে এই ঘটনা।  ফৰেনছিক দল আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে ঘটনাৰ গুৰুত্ব বুজি তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষী সূত্রই জনোৱা মতে, দেওবাৰে পুৱতিনিশা গুৰুদাসপুৰ জিলাৰ ডোৰাংলা থানা এলেকাৰ আদিয়ান গাঁৱত এই হত্যাকাণ্ড সংঘটিত হয় ।