আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰিলে ভূপেন বৰাই
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছৰ তিনিটা দশকৰ দীঘলীয়া যাত্ৰাৰ অৱসান ঘটাই দেওবাৰে আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰিলে প্রদেশ কংগ্ৰেছৰ প্রাক্তন সভাপতি ভূপেন কুমাৰ বৰাই। ভূপেন বৰাৰ লগতে প্ৰাক্তন সাধাৰণ সম্পাদক ড° সঞ্জু বৰুৱা, ৰাজেশ কুমাৰ যোশী দেউৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন সহঃমুখ্য কাৰ্যবাহী বিষয়া স্বৰ্গনাৰায়ণ দেউৰীকে ধৰি কেইবাগৰাকীও কংগ্ৰেছৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতাৰ লগতে ৫ শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে। বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আয়োজন কৰা অনুষ্ঠানত যোগদান কৰাৰ পূৰ্বে দলটোৰ মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত সেৱা লৈ ভূপেন বৰাই চৌহদৰ ভিতৰত প্ৰৱেশ কৰাৰ লগতে ৰাহুল গান্ধীৰ উপস্থিতিত গুৱাহাটীৰ খানাপাৰাত বিজেপিৰ বিৰুদ্ধে প্রতিবাদ কৰি তেজেৰে ৰাঙলী হোৱা চোলাটো পৰিধান কৰি ভূপেন বৰাই বিজেপিত যোগদান কৰে। গেৰুৱা বসন, গেৰুৱা টুপী পিন্ধি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা বৰাৰ বিজেপি অভিষেকৰ কাৰ্যসূচীত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা নির্বাচনী প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, সাংগঠনিক সাধাৰণ সম্পাদক আৰ ৰবীন্দ্ৰ ৰাজু, সাংসদ প্রদান বৰুৱা, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, সাংসদ বিজুলী কলিতা মেধিয়ে দলত নতুনকৈ যোগদান কৰাসকলক দললৈ আদৰণি জনায়। বিজেপিত যোগদান কৰি দিয়া ভাষণত ভূপেন বৰাই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতৰ লগতে কবিতা আৰু মহাভাৰতৰ আখ্যানেৰে নিজৰ বক্তব্য দাঙি ধৰে।

ভাষণত বৰাই কয়-মই ৫৬ বছৰ বয়সত ভৰি দিছোঁ। উপাৰ্জন কৰিম বুলি ভবা হ’লে ব্যৱসায় নাইবা চাকৰি কৰিব পাৰিলোঁহেঁতেন। সেৱাৰ মনোভাবেৰে ৩২ বছৰ মই কংগ্রেছত দিলোঁ। কংগ্ৰেছৰ বাবে কাম কৰিলোঁ। কংগ্ৰেছত থকাৰ সময়ত মোৰ চোলা তেজেৰে ৰাঙলী হৈছিল। ৰাহুল গান্ধীৰ সন্মুখত মোৰ চোলা তেজেৰে ৰাঙলী হৈছিল। আজি বিজেপিত যোগদান কৰিবলৈ সেই চোলাটো পৰিধান কৰি আহিছোঁ। বিজেপিয়ে সেই তেজৰ মূল্যাংকন কৰিব বুলি চোলাটো পিন্ধিছোঁ। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত ভূমিকম্পৰ সৃষ্টি কৰি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত যোগদান কৰা ভূপেন বৰাই কয়- মহাভাৰতৰ যুদ্ধৰ পূৰ্বে কৰ্ণৰ যি অৱস্থা হৈছিল, একেই অৱস্থা কংগ্ৰেছৰ স্বাভিমানী অসমীয়াৰ। ৰাজীৱ ভৱনত স্বাভিমানী অসমীয়াৰ অৱস্থা মহাভাৰতৰ কৰ্ণৰ দৰে হৈছে। ৰাহুল গান্ধীৰ কথাই মোৰ মন-মগজুত তাণ্ডৱৰ সৃষ্টি কৰিছিল। আদৰ্শ আৰু আত্মসন্মানত আঘাত কৰিছিল। মই ৰাজনীতিত যি আদর্শ লৈ আহিছিলোঁ সেই আদর্শ বাদ দিয়া নাই। স্বদেশ-স্বজাতিৰ বাবে মই ৰাজনীতিলৈ আহিছোঁ। মই আজিৰে পৰা বিজেপিৰ এজন কাৰ্যকৰ্তা। মহাভাৰতত কৰ্ণ পাণ্ডৱৰ ফালে নাছিল। ২০২৬ৰ এই যুদ্ধত কংগ্ৰেছৰ সকলো কৰ্ণ বিজেপিৰ ফালে হ’ব আৰু মই দুৰ্যোধনৰ সংগ ত্যাগ কৰিলোঁ। অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা ৰাজ্যত অভূতপূর্ব উন্নয়নৰ ভূয়সী প্রশংসা কৰাৰ লগতে ভূপেন বৰাই ভাৰতীয় জনতা পাৰ্টীৰ লক্ষ্য আৰু উদ্দেশ্যৰ সফলতাৰ বাবে কাম কৰিব বুলি মত প্রকাশ কৰে। আনহাতে বিজেপিত যোগদান কৰা প্রাক্তন কংগ্রেছী নেতা ড° সঞ্জু বৰুৱাই নিজৰ ভাষণত কয়- বিজেপিলৈ আহি এটা কথা স্পষ্টভাৱে ক’ব পাৰোঁ যে অসমত অহা ৩০ বছৰলৈকে কোনেও বিজেপিক উৎখাত কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বৰ বাবে এই ভেটি স্থাপন হৈছে। মুখ্যমন্ত্ৰীয়ে আকাশৰ ডাৱৰ চুবলৈ সক্ষম হৈছে। সকলোৰে সহযোগ-আশীৰ্বাদত মই দলটোৰ হকে কাম কৰি যাম। যোগদান কাৰ্যসূচীত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই নিজ ভাষণত কয় যে ভূপেন বৰাৰ যোগদানে বিজেপিৰ শক্তি বৃদ্ধি কৰিব। সাংগঠনিক দিশত দক্ষতা আৰু অভিজ্ঞতাসম্পন্ন প্রাক্তন সভাপতিগৰাকীয়ে বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। দেশৰ ১৪ কোটি কাৰ্যকৰ্তাৰে পৰিপূৰ্ণ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী সৈনিকে দেশ মাতৃৰ বাবে ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি আহিছে আৰু অনাগত সময়তো এই কাম কৰি যাব। আজি যোগদান কৰা সমূহ নেতৃবর্গকো দেশ মাতৃৰ সেৱাত ব্ৰতী হ’বলৈ সভাপতি শইকীয়াই আহ্বান জনায়। স্মর্তব্য যে যোগদান কাৰ্যসূচীৰ পাছতে বাজপেয়ী ভৱনত ভূপেন বৰাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান উপভোগ কৰে।
