নয়দাত উত্তৰ ভাৰতৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

নয়দাত উত্তৰ ভাৰতৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা– নয়ডাত স্থাপন হ’ব উত্তৰ ভাৰতৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ অর্থাৎ অর্ধপৰিবাহী প্রকল্প । উত্তৰ প্ৰদেশৰ নয়ডাৰ গৌতম বুদ্ধ নগৰৰ যমুনা এক্সপ্রেছত শিল্পাঞ্চল সংলগ্ন ২৮ নম্বৰ ছেক্টৰত প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে ভার্চুৱেলী এই প্রকল্পৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত  উপস্থিত আছিল কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথ। নয়ডাৰ এই প্রকল্পই উত্তৰ ভাৰতৰ উদ্যোগীকৰণত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। সমান্তৰালকৈ প্রকল্পটোৰ জৰিয়তে কেইবা হেজাৰ কর্মসংস্থাপনৰ সৃষ্টি হ’ব। আধাৰশিলা স্থাপন অনুষ্ঠানত প্রায় দহ হেজাৰ লোকৰ সমাগম হয় বুলি প্রশাসনৰ সূত্রত প্রকাশ। এইচ চি এল গ্রুপ আৰু টাইৱানৰ ফক্সকনৰ যৌথ কোম্পানী ইণ্ডিয়া ছিপ্ প্রাইভেট লিমিটেডে স্থাপন কৰিবলগীয়া এই ছেমি কণ্ডাক্টব প্রকল্পৰ নির্মাণ ব্যয় ৩,৭০০ কোটি টকা ধার্য কৰা হৈছে। প্রকল্পটো ২০২৮ চনৰ ভিতৰত কার্যক্ষম হৈ উঠিব বুলি কোম্পানী দুটাৰ যৌথ বিবৃতিত প্রকাশ কৰা হৈছে। এই প্রকল্পই প্রত্যক্ষ আৰু পরোক্ষভাবে ৩,৫০০ বো অধিক কর্মসংস্থাপনৰ সৃষ্টি কৰাৰ লগতে স্থানীয় যোগান শৃংখলা গঢ় দিব বুলি উল্লেখ কৰা হৈছে। প্রকল্পটোৰ জৰিয়তে মাহে ২০ হেজাৰ বেফাব প্রস্তুত কৰাৰ লক্ষ্য লোৱা হৈছে।