বিদ্যুৎ সংযোগ বিচ্ছিন্ন জুবিন ক্ষেত্রত

বিদ্যুৎ সংযোগ বিচ্ছিন্ন জুবিন ক্ষেত্রত

ৰঙিলী বাৰ্ত্তাসেৱা- ঘণ্টাৰ পিচত ঘণ্টা ধৰি অন্ধকাৰত ডুব গ’ল হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ সমাধিক্ষেত্র।প্ৰাণৰ শিল্পীজনৰ অবৰ্তমানৰ মাত্র ৫ মাহৰ পিচতেই আন্ধাৰত ডুবি থাকিল জুবিন ক্ষেত্র।  যান্ত্রিক বিজুতিৰ অজুহাতত শনিবাৰে সন্ধিয়া প্রায় তিনি ঘণ্টা ধৰি অন্ধকাৰছন্ন হৈ থাকিল জুবিন ক্ষেত্র। বন্ধ হৈ পৰিল জুবিন ক্ষেত্ৰৰ সন্ধিয়াৰ অনুষ্ঠান। সেই সময়ত জুবিন ক্ষেত্রত উপস্থিত শ শ দর্শনার্থী-অনুৰাগীৰ মাজত সৃষ্টি হয় হুৱাদুৱা। সৃষ্টি হয় অবর্ণনীয় পৰিবেশৰ। কিয়নো প্ৰশাসনৰ অৱহেলা স্বৰূপ উদঙাই জুবিন ক্ষেত্ৰত থকা জেনেৰেটৰত নাই ডিজেল। বিকল জেনেৰেটৰৰ বেটাৰি। কেৱল সেয়ে নহয়, স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি তিনিমাহে দৰমহা প্ৰদান নকৰাৰ বাবে জুবিন ক্ষেত্ৰৰ বিদ্যুৎ কর্মীও আঁতৰি গৈছে সেই স্থানৰ পৰা। ফলত ঘোৰ অন্ধকাৰৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হয় জুবিন ক্ষেত্রলৈ অনুষ্ঠান পৰিবেশনৰ বাবে অহা শিল্পী-কলা-কুশলী তথা দৰ্শনাৰ্থীৰ।  স্থানীয় একাংশ ৰাইজৰ মতে জুবিন ক্ষেত্ৰত বিদ্যুৎ সংযোগৰ দায়িত্বত থকা বিদ্যুৎ কর্মীজনো কিছুদিন পূর্বে গুচি গৈছে। কাৰণটো হৈছে বিদ্যুৎ কর্মীজনে তিনিমাহ ধৰি লাভ কৰা নাছিল দৰমহা। ইপিনে প্ৰাণৰ শিল্পীৰ সমাধিক্ষেত্ৰৰ বিদ্যুৎ সংযোগ ব্যাহত হোৱা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যমত স্পষ্টীকৰণ দিছে। তেওঁলোকৰ মতে খানাপাৰাৰ কইনাধৰাৰ জাবৰৰ দ’মত কোনো লোকে জুই জ্বলাই দিয়াৰ বাবে বিদ্যুতৰ তাঁৰ জ্বলি যায়। সেয়ে সঘনে সোণাপুৰ অঞ্চলৰ বিদ্যুৎ সন্ধিয়া ৫.২০ বজাৰ পৰা ৫.৫৮ বজালৈ ব্যাহত হয়। তেওঁলোকৰ মতে ৩৫ মিনিটৰ পিচত পুনৰ সংযোগ হয় বিদ্যুৎ। ইপিনে জুবিন ক্ষেত্র অন্ধকাৰাছন্ন হৈ পৰাত সামাজিক মাধ্যমত আৱেগিক পোষ্ট কৰে জুবিন পত্নী গৰিমা শইকীয়া গার্গে। তেওঁ লিখে- ‘সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিচ্ছিন্ন বিদ্যুৎ সংযোগ… আৰু কি বাকী আছেগৈ? কি ইমান অপকাৰ কৰিছে জুবিন গাৰ্গ নামৰ নিষ্পাপ মানুহজনে যে তেওঁক এনেদৰে অন্ধকাৰৰ গহ্বৰলৈ ঠেলি নি আছে।’ উল্লেখযোগ্য যে যোৱা ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মহাপ্রয়াণে ৫ মাহ সম্পূৰ্ণ কৰিছে। কিন্তু আজিকোপতি জুবিন ক্ষেত্ৰৰ চৌহদৰ দেৱাল নির্মাণ কৰা নহ’ল। দিনকদিনে পৰিত্যক্ত, ধূলিময় হৈ পৰিছে জুবিন ক্ষেত্র।