কচুতলীত দশম অসম আৰক্ষী বাহিনীৰ অত্যাধুনিক মুখ্য কাৰ্যালয়ৰ শিলান্যাস গৃহমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ সোণাপুৰৰ কচুতলীত শনিবাৰে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় ডিমৰীয়াৰ ৰাইজ । কচুতলীত উপস্থিত হৈ দশম অসম আৰক্ষী বাহিনীৰ নতুন মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে । ১৭৪ বিঘা বিশাল ভূমি সামৰি স্থাপন হ’বলগীয়া এই নতুন মুখ্য কাৰ্যালয়টো নিৰ্মাণৰ বাবে চৰকাৰে ২৬০.৬৮ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰিছে । এই চৌহদত আৰক্ষী বাহিনীৰ বাবে সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধা উপলব্ধ হ’ব । প্ৰকল্পটোৰ ভিতৰত থাকিব অত্যাধুনিক নিয়ন্ত্ৰণ কক্ষ আৰু ফায়াৰিং ৰেঞ্জ, বিশাল পেৰেড গ্ৰাউণ্ড আৰু প্ৰশিক্ষণ কেন্দ্ৰ, আৱাসিক এলেকা, বিদ্যালয় আৰু চিকিৎসালয়, নামঘৰ আৰু অন্যান্য ধৰ্মীয় তথা সাংস্কৃতিক স্থান । আধাৰশিলা স্থাপন কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়-প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ হাতত দেশৰ ভূমি অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰাৰ সাহস, দৃঢ়তা আৰু দৃঢ় সংকল্প আছে। অনুপ্ৰৱেশকাৰীৰ পৰা অসমক উদ্ধাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীক ৰাজ্য চৰকাৰৰ সমৰ্থনৰ অতি প্রয়োজন। কিন্তু কংগ্রেছ ক্ষমতালৈ আহিলে এয়া কেতিয়াও সম্ভৱ নহ’ব। কংগ্ৰেছৰ বাবে অনুপ্ৰৱেশকাৰী ভোটবেংক। অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন হ’লে অহা ৫ বছৰৰ ভিতৰত অনুপ্ৰৱেশকাৰীক কেৱল ভোটাৰ তালিকাৰ পৰাই নহয়, দেশৰ পৰাও আঁতৰাই পেলোৱা হ’ব। গৃহমন্ত্ৰীগৰাকীয়ে নির্বাচন আয়োগে আৰম্ভ কৰা এছআইআৰ প্ৰসংগ উত্থাপন কৰি কয়- এই প্রক্রিয়াই অনুপ্ৰৱেশকাৰী চিনাক্ত কৰাত সহায় কৰিব। কিন্তু আশ্চর্যজনকভাৱে কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে প্রতিবাদ কৰিছে। যিদৰে বিজেপি চৰকাৰৰ নেতৃত্বত দেশ নক্সালবাদৰ পৰা মুক্ত হৈ আহিছে, ঠিক একেদৰে অসম অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত হ’ব। বিৰোধী কংগ্ৰেছক সমালোচনা কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়- কংগ্ৰেছে অসমৰ উৰ্বৰ ভূমি সন্দেহযুক্ত লোকৰ হাতত অর্পণ কৰি অসমীয়া জাতিক সংকটৰ মাজলৈ ঠেলি দিয়াই নহয়, পৰিচয়ৰ প্ৰতিও আনিলে ভাবুকি। আনকি ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যকো বিপদলৈ ঠেলি দিলে কংগ্রেছে। কংগ্ৰেছে অসমীয়াৰ জাতি-মাটি আৰু ভেটি- এই তিনিওটাৰে ক্ষতি কৰিলে। তেওঁ কয়- কংগ্রেছ দলৰ শাসনকালত অনুপ্ৰৱেশকাৰীয়ে সোণাপুৰৰ কচুতলীৰ ১৭৪ বিঘা মাটি বেদখল কৰিছিল। যি ভূমিখণ্ড মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বেদখলমুক্ত কৰি আৰক্ষী বেটেলিয়ন স্থাপন কৰিলে। সন্দেহযুক্ত লোকৰ এনে বেদখলৰ বাবে গুৱাহাটীয়েই নহয়, সমগ্র দেশৰ বাবে সৃষ্টি কৰিছে ভাবুকি। অচিনাকি লোকৰ উপস্থিতিয়ে অসমৰ উন্নয়নৰ বাবে প্রত্যাহ্বান কঢ়িয়াই আনিছে। কংগ্ৰেছৰ শাসনকালত অনুপ্ৰৱেশকাৰীয়ে অসমৰ জনগাঁথনি সলনি কৰি বিপজ্জনক স্তৰলৈ ঠেলি দিছিল অসমীয়াক। ধুবুৰী, বৰপেটা, মৰিগাঁও, দৰং, বঙাইগাঁও আৰু নগাঁও এই জিলাসমূহত অবৈধ প্রব্রজন তথা অনুপ্রৱেশকাৰীৰ আগ্ৰাসনৰ ফলত খিলঞ্জীয়া লোকৰ অস্তিত্ব নোহোৱা হৈ পৰিছে। কিন্তু ৰাজ্যবাসীক আশ্বস্ত কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুপ্ৰৱেশকাৰীৰ পৰা ১.৪৫ লাখ বিঘা মাটি মুক্ত কৰিবলৈ সক্ষম হৈছে। ৰাজ্যত পুনৰ বিজেপি চৰকাৰ হ’লে এই অবৈধ দখলকাৰী তথা অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি দেশৰ পৰাই বিতাড়িত কৰা হ’ব। কংগ্ৰেছৰ দীঘলীয়া শাসনকালত লাচিত বৰফুকন আছিল অচিনাকি পৰিচয়। কিন্তু আজি প্রতিটো শিশুরে গুজৰাটৰ পৰা কামাখ্যা আৰু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সাহসী লাচিত বৰফুকনক চিনি পায় আৰু এই কাম সম্ভৱ কৰি তুলিছে নৰেন্দ্ৰ মোদীয়ে। গৃহমন্ত্রীয়ে কয়- কেন্দ্রীয় চৰকাৰে অসমৰ সংস্কৃতিৰ প্ৰসাৰৰ বাবে কাম কৰি কেইবাজনো প্রসিদ্ধ লোকক পদ্ম বঁটাৰে সন্মানিত কৰিছে। আমাৰ দলৰ চৰকাৰে ড° ভূপেন হাজৰিকা আৰু গোপীনাথ বৰদলৈক ভাৰতৰত্ন সন্মানেৰে সন্মানিত কৰিছে। ৰাজ্যৰ উন্নত আইন-শৃংখলা পৰিস্থিতিৰ প্ৰসংগ উত্থাপন কৰি অমিত শ্বাহে কয়-মুখ্যমন্ত্রী ড° শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি উন্নত কৰাৰ বাবে যোৱা সময়ছোৱাত কেইবাটাও পদক্ষেপ হাতত লৈছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে উত্তৰ-পূবক সদায়ে নিজৰ ভাগ্যৰ ওপৰত এৰি দিছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিগত ১১ বছৰত ৮০বাৰ উত্তৰ-পূব ভ্ৰমণ কৰি ৰাজ্যখনৰ উন্নয়নৰ দিশ টনকিয়াল কৰিলে। কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে কেইবাটাও উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰা বুলি গৃহমন্ত্রী অমিত শ্বাহে কয়- ৰাজ্যখনৰ লাখ লাখ মহিলাক আত্মসহায়ক গোটৰ সৈতে সংযুক্ত কৰা হৈছে, ২.৫ লাখ গৃহহীন খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে, চাহ বাগিচাৰ শ্ৰমিকৰ বাবে বিশেষ আঁচনি প্ৰৱৰ্তন কৰা হৈছে। যোৱা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথত বায়ুসেনাৰ বিমানেৰে অৱতৰণ কৰি অসমৰ যোগাযোগৰ ক্ষেত্ৰত হোৱা ব্যাপক উন্নয়নক তুলি ধৰিলে। গৃহমন্ত্ৰীগৰাকীয়ে কয়- অসমৰ ভূমি অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত নোহোৱালৈকে ৰাষ্ট্ৰ সুৰক্ষিত হৈ থাকিব নোৱাৰে আৰু ৰাজ্যখনৰ সংস্কৃতি, ভাষা, সাহিত্যও সুৰক্ষিত হৈ থাকিব নোৱাৰে। সেয়েহে অনুপ্ৰৱেশকাৰীমুক্ত অসম গঢ়াই বিজেপিৰ মূল লক্ষ্য। তেওঁ কয়- বিদ্রোহ, দৰিদ্ৰতা, বানপানীমুক্ত, নিবনুৱা সমস্যাৰ পৰা মুক্ত অসম গঢ়ি তুলিবলৈ একমাত্র বিজেপি চৰকাৰহে সক্ষম। এই আধাৰশিলা স্থাপন অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় গৃহ সচিবকে ধৰি কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে।
