মাজুলীৰ শালমৰাত পূব মাজুলী মহাবিদ্যালয়ৰ এন. এছ. এছ. বিশেষ শিবিৰৰ শুভ উদ্ধোধন
বিকাশ শইকীয়া, মাজুলী ,ৰঙিলী বাৰ্ত্তাসেৱা- “মই নহয়, তুমি”— এই মূলমন্ত্ৰৰে উদ্বুদ্ধ হৈ পূব মাজুলী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS) গোটৰ উদ্যোগত আজিৰে পৰা মাজুলীৰ বানাক্ৰান্ত শালমৰা অঞ্চলত সাতদিনীয়া এক বিশেষ শিবিৰ আৰম্ভ হৈছে। শালমৰা যুৱক বিজয় মিলন সংঘত অনুষ্ঠিত এই শিবিৰৰ উদ্ধোধনী সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক বৰাই। বিশিষ্ট সমাজকৰ্মী তথা বন বিষয়া অতুল দাস, অধ্যক্ষ দীপক বৰা আৰু জেষ্ঠ সাংবাদিক দিবাকৰ শইকীয়াই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু বন্তি প্ৰজ্বলনৰ সময়ত এন. এছ. এছ. লক্ষ্য গীতৰ সুৰৰ ধ্বনিয়ে এক গম্ভীৰ পৰিৱেশৰ সৃষ্টি কৰে।

উদ্ধোধক অতুল দাসে সাৰুৱা বক্তব্যৰে সভা উদ্বোধন কৰাৰ পাছতেই এন. এছ. এছ. কাৰ্যক্রম বিষয়া (PO) উত্তম শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰি শিবিৰৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে। উদ্ধোধনী সভাত মূল বক্তা হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক বিপিন চন্দ্ৰ বৰাই “দুৰ্যোগ প্ৰশমন আৰু যুৱশক্তি”ৰ ওপৰত এক সাৰুৱা ভাষণ আগবঢ়ায়। লগতে মুখ্য অতিথি দিবাকৰ শইকীয়াই স্বেচ্ছাসেৱকসকলক সমাজ সেৱাৰ প্ৰতি অনুপ্ৰাণিত কৰে।

সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি মাজুলী জিলা কুমাৰ সন্মিলনৰ সভাপতি ডিম্বেশ্বৰ কলিতা, শান্তিপুৰ এল.পি. স্কুলৰ প্ৰধান শিক্ষক মুহিধৰ হাজৰিকা আৰু শালমৰা হাইস্কুলৰ সহকাৰী শিক্ষক লোহিত শইকীয়াই মূল্যবান ভাষণ প্ৰদান কৰে। বক্তাসকলে শালমৰাৰ ঐতিহাসিক মৃৎশিল্পৰ সুৰক্ষা আৰু বান-খহনীয়াৰ সৈতে মোকাবিলা কৰাত যুৱ প্ৰজন্মৰ দায়িত্বৰ বিষয়ে আলোকপাত কৰে। সভাত মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোটৰ ক্রমে মানস জ্যোতি বৰা, অমূল্য ভূঞা, দিলীপ বৰুৱা, গৌতম শইকীয়া, অমৰজ্যোতি গায়ন, দন্দি ৰাম শইকীয়া অজিত বৰা আৰু শালমৰা গাঁৱৰ আইসকল উপস্থিত থাকে। সভাৰ শেষত সহকাৰী অধ্যাপক সূৰ্য কুমাৰ দলেয়ে শলাগৰ শৰাই আগবঢ়ায়।

মধ্যাহ্ন ভোজনৰ পাছতেই শিবিৰৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে স্বেচ্ছাসেৱকসকলে এক বিশেষ অভিযানত নামি পৰে। শিবিৰ পৰিচালক তথা প্ৰাক্তন স্বেচ্ছাসেৱক খগেন চমুৱাৰ নেতৃত্বত অৰ্ধশতাধিক স্বেচ্ছাসেৱকে বানাক্ৰান্ত শালমৰা গাঁৱত এক ‘দুৰ্যোগ সম্ভাৱনীয়তা জৰীপ’ (Village Vulnerability Survey) সম্পন্ন কৰে। এই জৰীপৰ জৰিয়তে স্বেচ্ছাসেৱকসকলে বানপীড়িত ৰাইজৰ সমস্যা আৰু প্ৰয়োজনীয়তাৰ তথ্য সংগ্ৰহ কৰে। অনাগত ৬ দিনত এই এন. এছ. এছ. গোটটোৱে অঞ্চলটোত স্বাস্থ্য সজাগতা, চাফাই অভিযান আৰু বিভিন্ন গঠনমূলক কাম-কাজ চলাই নিব বুলি এন এছ এছ কাৰ্যক্রম বিষয়াই জানিবলৈ দিয়ে।
