নামনি মাজুলীত তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ উদ্যোগত বিনামূলীয়া মেগা চকু পৰীক্ষা চিকিৎসা শিবিৰ : বিনামূলীয়া চছমা বিতৰণ: ছানি পৰা ৰোগীক বিনামূলীয়া অপাৰেশ্যনৰ ব্যৱস্থা:
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- “তেল আৰু প্ৰাকৃতিক গেছ আয়োগ”- যোৰহাটৰ উদ্যোগত , যোৰহাট লাইন্স ক্লাৱ আৰু দিল্লীৰ “অনুগ্ৰহ দৃষ্টিদান “ৰ সহযোগত আজি নামনি মাজুলীৰ মহৰিচুক জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া চকু পৰীক্ষা চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। অন্ধতা দূৰীকৰণ ক্ষেত্ৰত অ এন জি চি’- যোৰহাটৰ সামাজিক দায়বদ্ধতা আঁচনিৰ ব্যাপক কাৰ্যসূচীৰ অংশ হিচাপে আজি আয়োজন কৰা উক্ত মেগা বিনামূলীয়া চকু পৰীক্ষা শিৱিৰ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ স্বাস্থ্য সেৱা কেন্দ্ৰৰ প্ৰত্যক্ষ সহযোগত অনুষ্ঠিত হয়। আজি অনুষ্ঠিত হোৱা উক্ত চকু পৰীক্ষা শিবিৰত তিনি শতাধিক ৰোগীৰ চকু পৰীক্ষা কৰা হয়। তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ অনুসূচিত জনজাতি আৰু অনুসূচিত জাতি বাৰ্ষিক সেৱা প্লেন -২০২৫-২০২৬ ‘ৰ অধীনত সৰ্বভাৰতীয় এছ চি আৰু এছ টি কৰ্মচাৰী কল্যাণ সন্থাই উক্ত চকুৰ বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হয়।কৰিছে ।

পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ উক্ত চিকিৎসা শিবিৰ উদ্বোধন কৰে তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ সৰ্বভাৰতীয় এছ টি আৰু এছ চি কৰ্মচাৰী সন্থাৰ যোৰহাট মণ্ডলৰ সম্পাদক অৰূপজ্যোতি দলেয়ে । উক্ত চিকিৎসা শিবিৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে কৰ্মচাৰী সন্থাৰ উপাধ্যক্ষ ছনী সিং নিপুণ, দিল্লীৰ “অনুগ্ৰহ দৃষ্টি দান” সংস্থাৰ প্ৰগাম মেনেজাৰ সঞ্জয় অটৱাল, যোৰহাট লাইন্স ক্লাৱৰ সহকাৰী পৰিচালক ৰাজীৱ সিং, প্ৰাংকু ছাকমা, মনোজ ফুকন, দেৱজিৎ গগৈ, উত্তৰ কমলাবাৰী সত্ৰৰ স্বাস্থ্য সেৱা কেন্দ্ৰৰ দীপক বৰা উপস্থিত থাকি শিবিৰৰ তদাৰক কৰে। শিবিৰত বিনামূলীয়া চকু পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয় আৰু চছমাৰ প্ৰয়োজন হোৱা ৰোগীক বিনামূলীয়াকৈ চছমা বিতৰণ কৰা হয়।

উক্ত, শিবিৰত চকুত ছানি পৰা অৰ্ধশতাধিক ৰোগীক চিনাক্ত কৰা হয়। উক্ত,ছানি পৰা ৰোগীসকলক বিনামূলীয়াকৈ অষ্ট্ৰোপ্ৰচাৰ কৰিবলৈ অহা ২৩ ফেব্ৰুৱাৰীত নামনি মাজুলীৰ মহৰিচুকৰ পৰা তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ জৰিয়তে, দিল্লীৰ “অনুগ্ৰহ দৃষ্টিদান “ৰ সহযোগত যোৰহাট লাইন্স ক্লাৱলৈ লৈ যোৱা হ’ব। উক্ত ৰোগীসকলক যোৰহাটলৈ নি থকা, খোৱা, যাতায়াত সকলো বিনামূলীয়াকৈ প্ৰদান কৰাৰ লগতে সম্পূৰ্ণ বিনামূলীয়া অষ্ট্ৰোপ্ৰচাৰ কৰা হ’ব। অষ্ট্ৰোপচাৰৰ পাছত তেওঁলোকক নিজৰ ঘৰে ঘৰে থোৱাৰো ব্যৱস্থা কৰা হ’ব বুলি আজি অনুগ্ৰহ দৃষ্টিদানৰ প্ৰগাম মেনেজাৰ সঞ্জয় অটৱাল আৰু অ এন জি চিৰ যোৰহাট সংমণ্ডলৰ এচ টি,এছ চি কৰ্মচাৰী কল্যাণ সন্থাৰ সম্পাদক অৰূপজ্যোতি দলেয়ে জানিবলৈ দিছে।

উক্ত দুয়োটা সন্থাই মাজুলীত বিনামূলীয়া চকু পৰীক্ষা শিৱিৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ সহযোগিতাক প্ৰশংসা কৰে। নামনি মাজুলীৰ উক্ত, বিনামূলীয়া চকু পৰীক্ষা শিবিৰত তিনি শতাধিক চকুৰ ৰোগীক বিনামূলীয়া পৰীক্ষা কৰা হয় আৰু ঔষধ,চছমা বিতৰণ কৰে। নামনি মাজুলীৰ স্থানীয় ৰাইজে আজি উক্ত চিকিৎসা সেৱা লাভ কৰি যোৰহাটৰ তেল আৰু প্ৰাকৃতিক গেছ আয়োগ, দিল্লীৰ অনুগ্ৰহ দৃষ্টিদান আৰু যোৰহাট লাইন্স ক্লাৱক ধন্যবাদ জ্ঞাপন কৰে।
