অৱলোকন
প্ৰৱণতা (Tendency)
কনক শৰ্মা,
হাজো-দমদমা
প্ৰৱণতা এক মানসিক অৱস্থা। শব্দটোৰ সমাৰ্থক শব্দ হৈছে প্ৰবৃত্তি। সংস্কৃত প্ৰ+বৃত, থকা+ক্তি। সৃষ্টি আৰু ধ্বংস দুয়োটাৰ ক্ষেত্ৰতে “প্ৰৱণতা” ই এক ইন্ধন হিচাপে কাম কৰে।
কল্পনা প্ৰৱণতাই কবি,সাহিত্যিক, চিন্তাবিদ, বৈজ্ঞানিক সকলোকে মানসিক ভাবে প্ৰস্তুত কৰি তোলে,– সৃষ্টিশীল কৰ্ম-সংস্কৃতিৰে ‘মানুহ’ৰ সমাজখনক উত্তৰণৰ গতিশীল পথত প্ৰবাহিত কৰাবলৈ।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ভক্তি-প্ৰৱণতাই কেনেকৈ মধ্যযুগীয়া অসুচল যাতায়তী ব্যৱস্থা আৰু বিপদসংকুল প্ৰতিকুল পৰিৱেশকো নেওচি অতি দূৰ দূৰণিলৈ ধৰ্মৰ জ্ঞান আহৰণৰ নিমিত্তে ভ্ৰমণ কৰিবলৈ গৈছিল, ধৰ্ম প্ৰচাৰৰ সময়ত মহাপুৰুষজনাই কিমান জীয়াতু ভূগিছিল সেয়া ইতিহাসে ফহিয়াই কয়।
কল্পনা-প্ৰৱণতাই কেনেকৈ বিহগী কবি ৰঘুনাথ চৌধাৰীৰ দৰে আন বহুতো কবি সাহিত্যিকে সৃষ্টিশীল কলমেৰে গদ্য-পদ্যৰ জীৱন সঞ্চাৰী নিজৰা বোৱাই দিছিল সেই কথা সাহিত্যৰ বুৰঞ্জীত জল জল পট পট হৈ আছে।সাংস্কৃতিক জগতৰ মহীৰূহ সকলৰ সৃজনীমূলক প্ৰৱণতাই কেনেদৰে জাতীয় সংস্কৃতিৰ বীথিকাই কেনেদৰে জাতি একোটাক ঐশ্বৰ্য্যশালী কৰে তাৰ উদাহৰণ অসমীয়া বৰ্ণিল সংস্কৃতিৰ মাজতে পোৱা যায়।সেইদৰে চাৰ আইজাক নিউটনৰ দৰে আন বহু বিজ্ঞানীৰ নিত্য নতুন উদ্ভাৱনীমন্ত্ৰণাক সজীৱ আৰু শক্তিশালী কৰিছিল সৃষ্টিশীল ভাৱ-প্ৰৱণতাই।
সমাজ সেৱাৰ প্ৰৱণতাৰে ফ্লোৰেন্স নাইটিংগেল,মাডাৰ টেৰেজা, মহাত্মা গান্ধী আদিৰ লেখীয়া মহৎলোকে একোখন প্ৰকৃতাৰ্থত ‘মানুহ’ৰ সমাজ গঢ়ি তুলিছে।
প্ৰৱণতাই ক্ৰিয়া কৰা এনে প্ৰাণোচ্ছ্বল উদ্যমীতাৰ বিপৰীতে অপৰাধ প্ৰৱণতায়ো মানৱ জাতি তথা সভ্যতা-সংস্কৃতিৰ প্ৰচুৰ পৰিমাণে ক্ষতি কৰাৰ উদাহৰণ দিনে দিনে বৃদ্ধি পাই গৈ আছে।
পৃথিৱীৰ ভিন্ন প্ৰান্তত ভিন্ন দেশৰ মাজত ভৌগোলিক ক্ষেত্ৰৰ বাবে হওক বা আৰ্থ-সামাজিক কাৰণতেই হওক বা আন যি কাৰণতেই নহওক কিয় যুযুৎসু-প্ৰৱণতা কোনো কাৰণতে মানৱীয় প্ৰমূল্যবোধৰ পৰিচায়ক নহয়।
যুদ্ধজৰ্জৰ পৰিৱেশ পৰিস্থিতিৰ পৰা শান্তিপূৰ্ণ পৰিৱেশ পৰিস্থিতি নিৰ্মাণ কৰিব পৰাজন আমাৰ বাবে সদায়েই আদৰ্শনীয়, মহান আৰু অমৃত সন্তান স্বৰূপ। তেনে মহান ব্যক্তি বিশেষৰ বাবেহে ”শান্তিৰ ন’ৱেল বঁটা” প্ৰচলিত হয়,– যুদ্ধক উৎসাহিত কৰা সকলৰ বাবে নহয়।
অপৰাধ-প্ৰৱণতা এক মানসিক বিকাৰ বা বিকৃতি বুলি মনোবিজ্ঞানী সকলে অভিহিত কৰিছে। যিকোনো ভুলকে বাৰে বাৰে কৰি থাকিলে এদিন সাধাৰণ ভুলৰ অঙ্কুৰণে সময়ত অপৰাধ-প্ৰৱণতাৰ লেখীয়া প্ৰকাণ্ড বিষ-বৃক্ষৰ সৃষ্টি কৰে।
‘অনুশোচনা'(repentance)ই অপৰাধ প্ৰৱণতাক বিমোচন কৰে। মহাদস্যু ৰত্নাকৰৰ অপৰাধ প্ৰৱণতাই বহু জীৱন, বহু সম্পদ ধ্বংস কৰিছিল। ছদ্মবেশী ব্ৰহ্মা আৰু নাৰদৰ উপদেশত অনুশোচনাত দগ্ধ হৈ তেওঁ জুয়ে পোৰা সোণ হৈ জগত উজলাইছিল। সত্য, শিৱ, সুন্দৰৰ সাধনাত তেঁৱেই হৈ পৰিছিল মহাতপা মহৰ্ষি বাল্মীকি।
জীৱন আৰু জগত জিজ্ঞাসাৰ সাধনাত মানুহে এনেদৰে সৃষ্টিশীল প্ৰৱণতাৰ প্ৰতিহে সন্মোহিত হোৱাটো মানৱ সভ্যতাৰ প্ৰতি কল্যাণকৰ মন্ত্ৰণা হ’ব, — হিংসা-দ্বেষ-অসূয়া-অশান্তিকৰ প্ৰৱণতাৰে নহয়।
