শিশুসন্তানৰ পৰীক্ষাভীতি, অভিভাৱকৰ গুৰুত্ব – প্ৰিয়ম ৰাগিণী

Pc Planet Ayurveda

শিশুসন্তানৰ পৰীক্ষাভীতি, অভিভাৱকৰ গুৰুত্ব

প্ৰিয়ম ৰাগিণী,ডিব্ৰুগড়

       পৰীক্ষাৰ সময় সমাগত।শিক্ষাৰ্থী  জীৱনৰ বাবে পৰীক্ষা এক ডাঙৰ পদ্ধতি।এই পদ্ধতিৰ দ্বাৰাই ছাত্ৰ-ছাত্ৰীৰ মগজুৰ সক্ষমতাৰ জোখ নিৰূপন হয়  আৰু শিক্ষাৰ্থী জীৱনৰ  বাবে পৰীক্ষা পদ্ধতিয়ে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে।বছৰৰ শেষত ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত এই পৰীক্ষাই ছাত্ৰৰ মান নিৰূপন কৰে।গতিকে ছাত্ৰ জীৱনৰ পৰীক্ষা এক অমূল্য সম্পদ ।সঁচাৰকাঠী।পৰীক্ষাৰ দ্বাৰা মান নিৰূপণ কৰা মানপত্ৰ বা চাৰ্টিফিকেটৰ জোৰত জীৱনৰ মানদন্ড নিৰ্ণয় হয়।গতিকে প্ৰতিজন ছাত্ৰ বা ছাত্ৰীৰ বাবে পৰীক্ষা এক মূল্যবান সময়ৰ নিৰূপন।গতিকে ছাত্ৰনাং অধ্যয়নং তপ: আপ্তবাক্যশাৰী ছাত্ৰই মানি চলিলে ভাল।

        শীতৰ ঠেটূৱৈয়ে অশান্তি দিয়া সময়তে বছৰটোৰ  ফাইনেল  পৰীক্ষাবোৰো অনুষ্ঠিত হয়।নিহালীৰ উম আঁতৰাই চকী মেজৰ আগত বহি পঢ়িবলৈ ধৰাটো বৰ কষ্টকৰ কাম।হলেও যে পঢ়িব লাগিব।পঢ়াশুনাৰ যোগেদি জীৱনৰ পথ নিৰ্দ্ধাৰণ কৰিব লাগিব।আগৰ দিনবোৰৰ কথা বেলেগ আছিল।প্ৰতিযোগিতামুখী শিক্ষা আৰু পৰিৱৰ্তিত সময়ে এতিয়া সকলো ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱককো ভাৰাক্ৰান্ত কৰি তুলিছে।নম্বৰ সৰহকৈ পাব লাগিব তেহে ভাল শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰিব।এই পৰীক্ষাৰ সময়ছোৱাতে কাষৰ ঘৰৰ সন্তানটোৱে বেছি নম্বৰ পাব মোৰটোৱে নাপাব ধৰণৰ তুলনামূলক কথাবোৰেও ছাত্ৰসকলৰ লগতে অভিভাৱকসকলৰ মন মগজুত এক গভীৰ হেঁচাই ক্ৰিয়া কৰি থাকে।সন্তানৰ পৰীক্ষাৰ দিন চমু চাপি অহাৰ লগে লগে অভিভাৱকসকলৰ উৎকন্ঠাও বৃদ্ধি পায়।যেন সন্তানটোৰ নহয় অভিভাৱকৰহে পৰীক্ষা।ভাল ফলাফলৰ আশাত বহু অভিভাৱকে সন্তানক অত্যধিক হেঁচা প্ৰয়োগ কৰা দেখা যায়।ই আচলতে অমূলক আৰু অপ্ৰয়োজন।প্ৰতিজন সন্তানৰে বা ছাত্ৰৰে মগজুৰ এটা নিৰ্দিষ্ট সীমাৰ বুদ্ধিমত্তা থাকে।কোনোবাটো ছাত্ৰই এবাৰতে বুজালেই পাৰে বা এবাৰ পঢ়িলেই বুজে বা শিকে।আন কোনোবাটোৱে  হয়তো বহু পলমকৈ বুজাৰ সক্ষমতা থাকে।সন্তানৰ মেধাৰ তুলাচনীখন অভিভাৱক আৰু শিক্ষকে জনা উচিত।তাৰ ওপৰত ভিত্তি কৰিহে সন্তানক পঢ়াৰ ক্ষেত্ৰত জোৰ দিয়া উচিত।পৰাপক্ষত সন্তানক আনৰ লগত তুলনা কৰা অনুচিত।অত্যধিক মানসিক চাপে শিশু সন্তানৰ  বা ছাত্ৰজনৰ স্বাভাৱিক আগ্ৰহত যতি পেলায়।মনোযোগত ব্যাঘাত জন্মে।আমি অভিভাৱকসকলে মনত ৰখা উচিত যে সন্তানটিৰ মানসিক,বৌদ্ধিক শক্তি সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰাখিহে ফলাফলৰ মান নিৰ্দ্ধাৰণ হ’ব।অমুকত চিট পাবই লাগিব,৮০ শতাংশ নম্বৰ পাবই লাগিব,অমুকৰ পুতেকে অমুক পাই অমুকত চিট পালে ধৰণৰ অভিভাৱকৰ তুলনাযুক্ত কথাবোৰে সন্তানৰ মনত ভয়ৰ ভাৱ জাগ্ৰত কৰি তোলে।পাছলৈ সেই ভয়েই ভুতস্বৰূপ হৈ দেখা দিয়ে।ভাল ফলাফল এটা অভিভাৱকৰ হাতত তুলি দিব নোৱাৰিলে কি হ’ব বুলি ভাবিহে সন্তান বিতত হৈ পৰা দেখা যায়।তাৰ পৰিৱৰ্তে অভিভাৱকে শিশুসন্তানক অভয় দিব লাগে।পৰীক্ষা সম্পৰ্কত কিদৰে পঢ়ি ভাল ফলাফল আশা কৰিব পাৰি তাৰ সম্যক জ্ঞান দিব লাগে।বহু বেছি ভাল ফলাফল হ’ব নে নহয় নিজ সন্তানটোৰ ওপৰত অভিভাৱকৰ এটা নিৰ্দিষ্ট ধাৰণা থাকিব লাগে।তাৰ ওপৰত নিৰ্ভৰ কৰি ফলাফল আশা কৰা প্ৰয়োজন।পৰীক্ষাভীতিৰ ফলত ভাল প্ৰদৰ্শন কৰিব বিচৰা শিশুসন্তানৰো কেতিয়াবা বেয়া প্ৰদৰ্শন হোৱাৰ সম্ভাৱনীয়তাক নুই কৰিব নোৱাৰি।পৰীক্ষাহে একো ডাঙৰ কথা নহয় বুলি কৈ অলপ সহজবোধত ৰাখি সন্তানক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ দিব লাগে।বিদ্যালয়ত এক বছৰ পঢ়াশুনা কৰি ইতিমধ্যেই ছাত্ৰসকলে প্ৰতিটো বিষয়ৰ প্ৰতিটো পাঠৰ লগত চিনাকি থাকেই।এবছৰত পঢ়া কথাবোৰ কেৱল বছেৰেকীয়া ফাইনেল পৰীক্ষাত লিখি ফলাফল লাভ কৰাৰ পথ প্ৰশস্তহে কৰিব লাগে।অনবৰতে পঢ় পঢ় বুলি কেটেৰাজেঙেৰা কৰি থকা অভিভাৱকৰপৰাও সন্তানে মনোকষ্ট পায়।পৰীক্ষাৰ আতংকই সন্তানৰ জীৱনলৈ কেতিয়াবা ভয়াবহতা নমাই অনাটোও একো ডাঙৰ কথা নোহোৱাকৈ নাথাকে।বহু ছাত্ৰই ভিতৰি ভয় খাই অঘটন ঘটাই পেলায়।সেয়েহে অভিভাৱকসকল সচেতন হোৱা বৰ দৰকাৰ।অভিভাৱকে সুস্থ মন মগজুৰেহে কথাবোৰ বিচাৰ কৰি সন্তানক সময় দিয়ক।মতিভেচনেল কথাবোৰ কৈ উৎসাহ জনাওক।নহ’লে সন্তানৰ সৰ্বাংগীন মংগল চিন্তাৰে কৰা সকলো কাৰ্যই পৰীক্ষাভীতিৰ পাল্লাত পৰি হিতে বিপৰীত ৰূপ লোৱাৰ সম্ভাৱনাই দেখা দিব।বছৰৰ শেষৰ এই সময়সীমাত সন্তানক নিজৰ ধৰণে পঢ়িবলৈ দিব লাগে।সময়মতে খোৱাবোৱাৰ যোগান ধৰি বেমাৰৰ পৰা যাতে হাত সাৰি থাকিব পাৰে তাৰ প্ৰতিও অভিভাৱকে লক্ষ্য কৰিব লাগে।অত্যধিক জ্বলা মচলা তেলজাতীয় খাদ্য দিয়াৰ পৰা বিৰত ৰাখিব লাগে।অত্যধিক মানসিক হেঁচাযুক্ত কথাৰপৰা ছাত্ৰসকলক দূৰত ৰাখিব লাগে।সুষম আহাৰ প্ৰদান কৰিব লাগে। পৰীক্ষাৰ আগমুহূৰ্তত অত্যধিক টোপনি খতি কৰাটো  ক্ষতিকাৰক।মাজে সময়ে পঢ়াৰ টেবুলৰ পৰা উঠি ৰংধেমালিৰে খুহুতীয়া কথাৰে মন প্ৰফিল্লিত ৰখাৰ যত্ন কৰিব লাগে।খেলিবৰ ইচ্ছা কৰিলে অলপ সময় খেলিবলৈও দিব পাৰে।মনত ৰখা দৰকাৰ যে পৰীক্ষা যেন ভয় নহয় পৰীক্ষা  জীৱনৰ চালিকাশক্তি সেই কথা সন্তানৰ মগজুত বিয়পাই দিয়াৰহে যত্ন কৰিব লাগে।

      অভিভাৱকেও সুস্থ স্বাস্থ্যৰে থাকিবলৈ যত্ন কৰিব লাগে।অভিভাৱকৰ অসুখ বিসুখ হ’লে পৰীক্ষাৰ্থীৰ অসুবিধা হয়।ঘৰখনৰ সুস্থ বাতাবৰণ বৰ্তি থাকিলে পৰীক্ষাৰ্থীৰ মন এনেও প্ৰফুল্লিত হৈ থাকিব ।বহু অভিভাৱকে নিজে জীৱনত হ’ব নোৱাৰা সপোনৰ সন্তাৰদ্বাৰা সাকাৰ ৰূপ দিব খোজে।সন্তানৰ সক্ষমতাৰে সন্তানসকলে একোখন কপাল লৈয়ে আহে।অভিভাৱকে কেৱল দিকদৰ্শক হিচাপে দায়িত্ব পালন কৰিব লাগে।অত্যধিক পঢ়াৰ বোজা জাপি দি সন্তানক কোঙা কৰি পেলোৱাৰ পৰা অভিভাৱকে সন্তানক ৰক্ষাহে কৰিব লাগে ।

       ছাত্ৰসকলেও নিজৰ লক্ষ্য স্থিৰ কৰি ল’ব লাগে।সময় থাকোতে গোটোৱা গোলাপ কলি সময়ৰ সোঁত বলি যায়।আচলতে শিশুসন্তানৰ বেলেগ চিন্তাভাৱনা থাকিব নালাগে।সময়মতে খোৱা বোৱা কৰিব লাগে আৰু পঢ়িব লাগে ।অভিভাৱকৰ সপোন পূৰণৰ লগতে নিজৰো সপোন পূৰণ কৰাৰ ক্ষেত্ৰত সন্তানৰ দায়বদ্ধতা থাকিব লাগে।গুচি যোৱা সময় পাখি লগা কাঁড়ৰ দৰে।সময়ক ধৰি ৰাখিবলৈ হলে সময়ক সদব্যৱহাৰ কৰিবলৈ হলে নিজৰ মনৰ মাজতো পৰিকল্পনা থাকিব লাগিব।অভিভাৱকৰ সপোনবোৰক সাকাৰ ৰূপ দিবলৈ সন্তানো বদ্ধপৰিকৰ হ’ব লাগে।যিহেতু পৰিৱৰ্তনশীল সময়ে শিক্ষাৰ ক্ষেত্ৰলৈ এটা প্ৰতিযোগিতাৰ বাতাবৰণ কঢ়িয়াই লৈ আহিছে।মনপুতি নপঢ়িলে, নম্বৰ বেচি নাপালে ক’ৰবাতে থাকি আহিব।

        সময়ৰ লগত খোজ মিলাবলৈ পঢ়িবই লাগিব।সময়ৰ লগত আগবাঢ়িবলৈ নম্বৰ বেচি পাবই লাগিব বুলি ছাত্ৰইও মনতে পণ লোৱা উচিত।সমাজৰ বাবে দহৰ বাবে সুনাগৰিক হোৱাৰ পথ নিৰূপিত হোৱা পৰীক্ষাই ছাত্ৰক ভয় নহয় সাহসৰ সঞ্চাৰহে কৰাত ইন্ধন যোগাওক।সকলোলৈ আগন্তুক হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীলৈ শুভকামনা জনালোঁ।