চুটিগল্প
ভুল নুবুজিবা তুমি মোক
মুন শৰ্মা, লখিমপুৰ
তাইৰ বিয়াৰ দিনা,গোটেই দিন নিখোজ হৈ আছে হীৰক। দিনটো কৰোঁ ওচৰত খবৰ নাই ক’ত গ’ল হীৰক। সিফালে বিয়াৰ দিনা কইনা “প্ৰণিতাই” কইনা সাজত মানুহৰ সমাগমৰ মাজতে মাজে- মাজে পদূলিলৈ চাই….. সি আহিছে নেকি বুলি, কাৰণ সি কথা দিছিল তাইৰ বিয়ালৈ আহিব বুলি। ৰাতি হৈ গ’ল দৰা আহি পালেহি, হোম যজ্ঞত পুৰোহিতৰ মন্ত্ৰ পাঠ ফুটি উঠিল, আহুতি দিয়াৰ আৰম্ভ হ’ল, কাষত দৰা, ৰাভা তলত মানুহৰ সমাগম, সকলো কিবা নহয় কিবা এটা কৰ্মত ব্যস্ত। কিছু নিলগত ডেকা গাভৰু বোৰ বিহুত ব্যস্ত । প্ৰণিতাৰ পিছে তাৰ চিন্তাত ব্যস্ত,ক’ত গ’ল ল’ৰাটো। সি আৰু নাহে নেকি মোক চাবলৈ!সি কৈছিল শেষ বিদায়ত মুখামুখি হৈ শেষ হ’ব আমাৰ সম্পৰ্ক আৰু বহুতো কথা। পিছে সি এটা কথা ও ৰখা নাই যে আজি, সোৱণশিৰি বালিচৰত কৈ যোৱা প্ৰতি কথা তাইৰ কাণত বাজি আছে আজি , লাহে লাহে হোমৰ গুৰিৰ পৰা উঠিব হ’ল, আৰম্ভ হ’ল কইনাৰ বিদায় পৰ্ব, এজন এজনকৈ বিদায় দি গ’ল তাই সাৱটি ধৰি নিজৰ আপোন মানুহ বোৰক।এই পৰ্ব প্ৰায় শেষ হওঁ হওঁ….. কোনোবাই তাইৰ হাত খন খামুচি ধৰিলে আৰু কলে মোক বিদায় নিদিয়া কৈ যাবি নেকি! মই ও জানো তোৰ কোনোবা আপোন নহয়!তাই,, কোন বুলি ঘূৰি চাই দেখে সি দেখোন হীৰক।
ক’ত গৈছিলি তই!গোটেই দিনটো তোক বিচাৰি ফুৰিছিলো আজি, মোৰ বিয়া দিনা এবাৰো মনত নপৰিলনে মোৰ লৈ। কথা খিনি কৈয়েই কান্দি দিলে তাই লগতে সাৱটি ধৰিলে তাক।
হেই,, এইজনী নকান্দিবি, মনে মনে সি কৈ গ’ল আচলতে কি জান! তোৰ মুখ খন চাবলৈ আজি সাহস হোৱা নাই, কিমান যে হেপাহ আছিল তোক নিজৰ কৰিবলৈ কিন্তু নাপালোঁ। মৰম বোৰ তোৰ কলিজাৰ খালি খিনিৰ বাবে থৈ দিছিলোঁ, কিন্তু আজি আনে অধিকাৰ কৰি ললে, একো নাই দে মই দুখ কৰা নাই। তোৰ সুখ বোৰ মোৰ সুখ নহয় জানো । যা”,, সুখী হৈ থাকিবি, মই তোক দিয়া কথা পেলাব নোৱাৰি ইয়াত শেষত আহিবলৈ বাধ্য হলো কাৰণ আজিলৈ তোৰ কথা পেলোৱা নাই ন”। শেষ বিদায়ত জানো পেলাব পাৰো তোক দিয়া কথা! দৰকাৰ হলে মনত পেলাবি, নিজৰ কৰিব নোৱাৰিলেও তোৰ লগত সদায় আছোঁ, দুখ নকৰিবি যা’ এতিয়া।
ইমান সময় তাক সাৱটি ধৰি থকা তাইৰ হাত দুখন লাহেকৈ সি আঁতৰায় দি তাইৰ চকুপানী খিনি ও মোহাৰি দি নিজেই। এটা হাঁহিৰে বিদায় দি।
তাই গুচি গ’ল লাহে লাহে বিয়া ঘৰৰ সমাগম কমি আহিল, এটা সময়ত শূন্য হ’ল গোটেই খন মাত্ৰ সি বহি থাকিল। বহু সময় বিয়াৰ পেলনীয়া খাদ্য খাবলৈ কাজিয়া কৰি কৰি দুটা কুকুৰ মাজত হোৱা হুলাস্থুলত অত সময় ভাবুক হীৰক দিঠক লৈ উভতি আহিব পাৰিলে, আকাশ খনলৈ চলে সি দেখিলে আকাশ খনৰ পৰা তৰা বোৰ গ’ল গৈ। লাহে লাহে পোহৰ নামিছে, লোতক বাগৰিছিল লাহেকৈ মোহাৰি ওলাই আহিল ৰাস্তালৈ। আগুৱাই গুচি গল নদী খনৰ ফালে যাওঁতে কৈ গ’ল আজিৰ পৰা নিসংগ মোৰ কোনো নাই কোনোবা আছিল সি ও গুচি গল আনৰ হৈ ,বিদায় “প্ৰণিতা” বিদায় তোৰ বাবে ৰখা প্ৰেম ভালপোৱা সকলো বিদায়। কথাবোৰ মাজতে মনলৈ আহিল এটা কথা তাৰ লগতে তাই সাৱটি ধৰি থকা সময়তে কোৱা সেই বিশেষ বাক্য কেইটা যি কেইটা তাই মনে মনে কাণৰ কাষত কৈছিল”মোক ভুল নুবুজিবা হীৰক মই তোমাৰ হ’ব নোৱাৰিলো” চেষ্টা বহুত কৰিছিলোঁ তোমাৰ হবলৈ কিন্তু অথলে গ’ল সকলো কথাটো ভাবি হঠাৎ হীৰকে হাঁহি দিলে লগে লগে ডাঙৰ কৈ আকাশ ফালে চাই কলে মোকো তই ভুল নুবুজিবি মই মাত্ৰ তোৰ বাবে আছিলোঁ জীয়াই এতিয়া তই নাই মই নো কি কৰিম, বিদায় সকলো ক্ষমা কৰা মা – পাপা বুলি কৈয়েই লগে লগে জাপ দিলে ভৰ বাৰিষাৰ তাৰ প্ৰেমৰ প্ৰথম আৰম্ভণি হোৱা নদী খনত জাপ পাছদিনা তাৰ পৰাই এটা মৃতদেহৰ ৰূপত উঠি আছিল নিজৰ ঘৰৰ চোতাললৈ দুদিনৰ পাছত।
