বতাহত হাউলি নপৰা প্ৰেমিকজন
ধৰণী চেতিয়া,নিলখপুৰ, ধেমাজি
মোক মোৰ দৰে থাকিবলৈ দিয়া
মোক মই হৈ থাকিবলৈ দিয়া
মই কেতিয়াও কোনোদিনে নিবিচাৰোঁ
দেৱব্ৰতৰ পৰা ভীষ্ম হ’বলৈ
নতুবা নিবিচাৰোঁ একছত্ৰী, একনায়ক হিটলাৰৰ দৰে
শাসনৰ নামত স্বৈৰাচাৰী হ’বলৈ!
মই কোনোদিনে কল্পনা কৰা নাই
অথচ বিচৰাও নাই,
বৰ বেছি ওখ অথবা ডাঙৰ গছ হ’বলৈ!
মই বিচাৰোঁ—
সেউজি পাতবোৰ কুঁহিপাতবোৰৰ দৰে
নতুবা, চোতালৰ আগৰ
দুবৰি বনৰ দৰে নৰম হ’বলৈ!
প্ৰেমৰ বাবে পায়চাৰী কৰি মই বেয়া পাওঁ,
শান্তিৰ দূত চৰাইজনিয়ে
দি যাব এদিন সুখৰ খবৰ!
ভাল লাগিলে এদিন এনেও ফুলিব ফুল
কলিজাত ৰক্ত জৱা হৈ!
মোক মই হৈ থাকিবলৈ দিয়া
হাজাৰ বতাহত হাউলি নপৰা
লয়েল প্ৰেমিকজন হৈ থাকিবলৈ দিয়া!
তোমাৰ হৃদয় সদনত
মোৰ বাবে ঠাই থাকক বা নাথাকক,
অথবা মোৰ নিষিদ্ধ ঘোষিত চুক্তিবোৰ
তোমাৰ হৃদয় সদনত
গৃহীত হওঁক বা নহওঁক—
মই তোমাক কোনোদিনে উপেক্ষা নকৰোঁ!
তোমাৰ নামত অচল-অটল
মোৰ অগ্ৰাহ্য চুক্তিবোৰ
হিৰণ্ময় হৈ থাকিব
আজীৱন, আমাৰণ…..
