মৃত্যু এক কঠিন সত্য
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা,বৰপেটা
মৃত্যু!
এখিলা উকা কাজগ
য’ত জীৱনে লিখে
চিয়াঁহী নথকা কলমেৰে
বিষাদময়ী আত্মজীৱনী…..
সঁচাকৈ মৃত্যু শব্দটো শুনিলেই বুকুত এক যন্ত্ৰণাৰ ৰেশ বহি যায়। ই যেন জীৱনৰ শেষ পৃষ্ঠা য’ত ক্ষুদিত নোহোৱা অক্ষৰে লিখা থাকে এক নিঃশব্দ বেদনাময় বিদায়ৰ চিঠি।
কিন্তু মৃত্যু কেৱল শেষ নহয়, ই হ’ল এক সত্য, যাক আমি অগ্ৰাহ্য কৰিব নোৱাৰো, লুকুৱাবও নোৱাৰোঁ।
জীৱন মানেই এক যাত্ৰা যি যাত্ৰা জন্মৰে আৰম্ভ হয় আৰু মৃত্যুৰে অন্ত। জীৱনৰ সকলো সুখ-দুখ, লাভ-ক্ষতি, আনন্দ-বিষাদৰ মাজত এটা কথা নিশ্চিত সেয়া হ’ল মৃত্যু। মৃত্যু হৈছে এনে এক কঠিন সত্য, যাক কেতিয়াও এৰাই যোৱা সম্ভৱ নহয়। কিমানেই উন্নতি হওক, চিকিৎসা বা বিজ্ঞান যিমানেই আগবাঢ়ক, মৃত্যুক অৱদমন কৰি ৰাখিব নোৱাৰি। সেইবাবে চাগে মৃত্যু আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ আৰু চিৰন্তন অধ্যায়। যদিও যন্ত্ৰণাময় তথাপি প্ৰয়োজন।
পূৰ্ণ জীৱনৰ হিচাপ হয় এই ক্ষণত। কিমান পালোঁ, কিমান হেৰুৱালো,কিমান কৰিব পৰিলোঁ নিজৰ বাবে, পৰিয়ালৰ বাবে , সমাজৰ বাবে, দেশৰ বাবে সকলোৰে এক হিচাপ হয়।
মৃত্যু মানে হৈছে জীৱনৰ শাৰীৰিক অৱসান। মাথোঁ শৰীৰটো থমকি যায়, কাৰ্যক্ষমতা শেষ হয়, আৰু জীৱনো নিৰৱ হয়। বৈজ্ঞানিকভাৱে ই হৈছে শৰীৰৰ সকলো কোষ আৰু অংগৰ ক্ৰিয়া বন্ধ হোৱা এটা প্ৰক্ৰিয়া। কিন্তু কেৱল ইহজীৱনেই নহয়, বহু ধৰ্ম, সংস্কৃতি আৰু দৰ্শনত মৃত্যুলৈ এক গভীৰ অৰ্থ বাখ্যা কৰে। কোনোৱে কয় মৃত্যু মানে আত্মাৰ মুক্তি, কোনোৱে কয় ঈশ্বৰৰ ওচৰলৈ গমন, আৰু কোনোৱে কয় পুনৰ জন্মৰ আৰম্ভণি।
মৃত্যুয়ে মানুহৰ শৰীৰটোয়ে অৱসান কৰিব পাৰে, কিন্তু আমি কেনেকৈ জীৱন পাৰ কৰিলোঁ, যি মৰম- শ্ৰদ্ধা কৰিলোঁ, সন্মান কৰিলোঁ, কেনে ব্যৱ্হাৰ কৰিলোঁ এইবোৰ সদায় জীৱন্ত হৈ থাকিব। দেহটো মাটিত মিলি যায়, পচি যায় নতুবা পুৰি ভষ্ম হৈ বতাহৰ লগত মিলি যায় কিন্তু হৃদয়ত ব্যৱহাৰেৰে সাঁচ বহুৱাই থৈ থোৱা স্মৃতিবোৰ আজীৱন জীয়াই থাকে।
ই এক কঠিন সত্য ইয়াক ভয় কিয় কৰে মানুহে। আমি ভয় কৰিলেই জানো মৃত্যুক আঁতৰাব পাৰিম, বাধা দিব পাৰিম। মই ভাবোঁ মৃত্যুক ভয় নকৰি জীৱনত কৰা নিজৰ কৰ্মৰে এই ক্ষণস্থায়ী জীৱনটো সাৰ্থক কৰাৰ চেষ্টা কৰিব লাগে।
এইটো কথা সঁচা যে মৃত্যু আছে বাবেই আমাৰ জীৱনৰ মূল্য আছে আৰু নিজৰ প্ৰাণৰ অধিক মায়া আছে।
আমি জানো মৃত্যু নিশ্চিত, সেইবাবে আমি আমাৰ জীয়াই থকা প্ৰতিটো দিনত কিছু ভাল কাম কৰাৰ প্ৰতিশ্ৰুতি কৰিব লাগে। কাৰণ ই যে অপ্ৰিয় সত্য। ইয়াৰ কোনো বয়স নাই , ইয়াৰ কোনো নিৰ্দিষ্ট সময় নাই , ইয়ে কোনো নিৰ্ধাৰিত কাৰণ নিবিচাৰে।
মানুহ নদীৰ স্ৰোতৰ দৰেই আহে আৰু যায় সময়ৰ সৈতে উভতি নাহে কেতিয়াও। কিন্তু যি মানুহে নিজৰ জীৱনখন মানৱতাৰ বাবে উৎসৰ্গা কৰে তেখেতৰ ‘মৃত্যু’ শব্দটো কেৱল মাত্ৰ শব্দ হৈ ৰয়। কাৰণ মানুহজন জীয়াই থাকে প্ৰতিজন মানুহৰ অন্তৰত।
সঁচাকৈয়ে মৃত্যু মানেই শেষ নহয়, যদি জীৱনটোক সঁচা অর্থত জীয়াই থাকিব পাৰি। মৃত্যু আমাৰ বাবে এজন শিক্ষক। যিয়ে আমাক শিকায় সময়ৰ মূল্য, মৰমৰ অৰ্থ, আৰু বিনম্ৰতাৰ মহত্ব। জীয়াই থাকোতে নিজৰ অস্থিত্বটো এনেধৰণে গঢ়ি তোলা উচিত যাতে আমি জীয়াই থকাৰ সময়তো আৰু জীয়াই নথকাৰ পিছতো মানুহে আমাক স্মৰণ কৰে, হৃদয়ত জীয়াই ৰাখে আমাৰ স্মৃতি ,আমাৰ কথা ,আমাৰ গুণ।
যদিও মৃত্যু এক কঠিন সত্য কিন্তু ই এক নতুন দিশো। ই মুঠি বন্ধ কৰা জীৱনখনক খুলিবলৈ শিকায়, যাতে আমি জীৱনৰ প্ৰতিটো মুহূৰ্ত গৌৰৱময় কৰি তুলিব পাৰো। মৃত্যু যন্ত্ৰণাময় এক মুক্তিৰ পথ। প্ৰতিটো প্ৰাণীয়ে মৃত্যুৰ স্বাদ গ্ৰহণ কৰিব লাগিব।
