মাজনিশা সতীর্থ মন্ত্রী পীযূষ হাজৰিকাৰ সৈতে কচুতলীত উপস্থিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা
ৰঙিলী বাৰ্ত্তাসেৱা– সোণাপুৰৰ কচুতলীত নির্মাণ হ’ব দশম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কার্যালয়। এই উপলক্ষে ২১ ফেব্ৰুৱাৰীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কচুতলীত উপস্থিত হৈ নির্মাণ হ’বলগীয়া দশম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ শিলান্যাস কৰিব। যাৰবাবে মাজনিশা মন্ত্রী পীযূষ হাজৰিকাক লগত লৈ সোণাপুৰৰ কচুতলীত উপস্থিত হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। উল্লেখ্য যে সোণাপুৰৰ কচুতলীত বহু বছৰ ধৰি একাংশ সন্দেহজনক লোকে জনজাতীয় আৱেষ্টনীৰ শ শ বিঘা ভূমি অবৈধভাৱে দখল কৰি বসবাস কৰি আছিল। তেনেক্ষেত্রত সেই অঞ্চলত স্থানীয় খিলঞ্জীয়া লোকে খেতি-বাতিৰ লগতে জীৱনধাৰণ কৰাটো ডাঙৰ সমস্যা হৈ পৰিছিল। কিন্তু খিলঞ্জীয়াৰ ভূমি ওভতাই অনাৰ স্বাৰ্থত ৰাজ্যখনত লেণ্ড জেহাদৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধ ঘোষণা কৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কচুতলীৰ শ শ বিঘা ভূমি বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলাই ভূমি বেদখলমুক্ত কৰে । এই ভূমিতে নিৰ্মাণ হ’ব দশম অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়। জানিব পৰা মতে, ১৭৫ বিঘা ভূমিত নির্মাণ হ’ব মুখ্য কার্যালয়টো। বেটেলিয়নৰ এই মুখ্য কাৰ্যালয়টো কচুতলীত নির্মাণ হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত অবৈধ ভূমি বেদখল সম্পূর্ণ বন্ধ হৈ পৰিব। ইপিনে মন্ত্রী পীযূষ হাজৰিকায়ো কচুতলীত উপস্থিত হৈ ২১ ফেব্ৰুৱাৰীত গৃহমন্ত্রী অমিত শ্বাহৰ কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়।
